নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটে–ঘাটে ক’ৰোনাৰ নিয়ম নমনাৰ মেলা

বাক্সাৰ সাপ্তাহিক বজাৰত ব্যাপক ভিৰঃ নগাঁও–শোণিতপুৰত নাই সামাজিক দূৰত্বঃবৰক্ষেত্রীত এখন নাৱতে শতাধিক যাত্রী

নিয়মীয়া বাৰ্তা ৭ মেঃ ক’ভিড–১৯ৰ দ্বিতীয় লহৰে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিয়ে টলাব পৰা নাই নগাঁৱৰ একাংশ লোকক৷ সংক্রমণৰ আতংকময় পৰিৱেশৰ মাজতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ চাৰিআলি, তিনিআলি, বজাৰ, ব্যৱসায়িক প্রতিষ্ঠান, ঔষধৰ বিপণী আদিত বিৰাজ কৰিছে এক ভয়ংকৰ পৰিৱেশ৷ জিলাখনৰ গ্রামাঞ্চলৰ চাৰিআলি, তিনিআলি, বজাৰসমূহৰ কথাটো বাদেই, নগাঁও চহৰৰ বিভিন্ন প্রান্তৰ একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰিছে৷ একেদৰে গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ চৰকাৰী নির্দেশনাও৷ বজাৰসমূহত একাংশ লোকে গাত গা লগাই বজাৰ–সমাৰ কৰাৰ দৃশ্য সুলভ হৈ পৰিছে৷ জিলাখনৰ নগৰ–চহৰ, গ্রামাঞ্চলত বজাৰে– সমাৰে অথবা আন কোনো কামত ঘৰৰ পৰা ওলাই যোৱা একাংশ লোকে মাস্ক নিপিন্ধে৷

খোজকাঢ়ি, চাইকেল চলাই যোৱা একাংশৰ মুখত আজিৰ তাৰিখত নাই কোনো মাস্কৰ ব্যৱহাৰ৷ মাস্ক পিন্ধা একাংশ লোকে আকৌ নাক উলিয়াই, থুঁতৰিত মাস্ক ওলোমাই লয়৷ সেইদৰে, হোটেল, মিঠাইৰ বিপণী, চাট্হাউছ, ৰেষুটৰেণ্ট আদিত মাস্ক আৰু হেণ্ডগ্ল’ভ অবিহনে গ্রাহকক ছেলছমেনসকলে বিলাইছে খাদ্য সামগ্রী৷ ইপিনে, জিলাখনৰ বিভিন্ন প্রান্তত প্রশাসনৰ সামাজিক দূৰত্বৰ নির্দেশনা ধোঁৱাচাঙত উঠিছে৷ বজাৰসমূহ, বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান, ঔষধৰ বিপণীত মাস্ক পৰিধান নকৰা লোকে ইজনে সিজনৰ গাত লগাই আজিও সামগ্রী ক্রয় কৰি থকা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে জিলাখনৰ মিছন মার্টেক, ষ্টেডিয়াম মার্কেট, সদৰ থানা ৰোড, হয়বৰগাঁও বজাৰ, ধিং গেট বজাৰস্থিত ঔষধৰ বিপণীসমূহত এক ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে৷ এইসমূহ অঞ্চলত যিকেইখন ঔষধৰ বিপণী আছে তাত বহু লোকে ভিৰৰ মাজৰ পৰাই ঔষধ ক্রয় কৰি থকা পৰিলক্ষিত হৈছে৷ ঔষধৰ বিপণীৰ কর্তৃপক্ষই এইক্ষেত্রত কোনো নিয়ম মানি চলা দেখিবলৈ পোৱা নাই সাধাৰণ ৰাইজে৷ তদুপৰি, নগাঁও চহৰকে প্রমুখ্য কৰি জিলাখনৰ বিভিন্ন প্রান্তৰ বেংক, বেংকৰ গ্রাহক সেৱাকেন্দ্রত গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ নির্দেশনা৷ বেংকৰ ভিতৰতো এনে কেতবোৰ গ্রাহকৰ ভিৰ পৰিলক্ষিত হয়, যাৰ মুখত নাই মাস্ক অথবা যাৰ মুখৰ বিপৰীতে থুঁতৰিতহে মাস্ক থাকে৷ নগাঁও জিলা প্রশাসনৰ শিথিলতাৰ সুযোগ গ্রহণ কৰি এই লোকসকলে মাস্ক আৰু সামাজিক দূৰত্বৰ নির্দেশনাক গুৰুত্বহীন কৰি সর্বসাধাৰণ লোকৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ বিপদ৷

 ক’ৰোনা অতিমাৰীৰ দ্বিতীয়টো লহৰে শোণিতপুৰ জিলাতো বিভীষিকা সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ জিলাখনত যোৱা দুটা দিনত ২৬৭গৰাকী লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে৷ আজি ১৬০গৰাকী লোকৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে৷ ইফালে কালিৰ দিনটোত জিলাখনত তিনিগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পিছত আজি পুনৰ এজন লোকৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ এই লৈ শোণিতপুৰত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত ১১গৰাকী ক’ভিড ৰোগী মৃত্যুমুখত পৰে৷ কিন্তু অতি পৰিতাপৰ কথা যে এই আতংকময় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো সর্বসাধাৰণ নাগৰিকে অদ্যাপি সতর্ক আৰু সাৱধানতা অৱলম্বন কৰা নাই৷ এনে পৰিপ্রেক্ষিতত ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাৰ উদ্দেশ্যে আজিৰে পৰা জিলা প্রশাসনে আৰক্ষীৰ জৰিয়তে ক’ৰোনাৰ নীতি–নিয়ম ভংগ কৰা লোকৰ বিৰুদ্ধে ক্ষিপ্রতাৰে অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷

কিয়নো নতুন ক’ভিড বিধি অনুসৰি বিয়লি দুই বজালৈকে দোকান–পোহাৰসমূহ খোলা ৰখাৰ নির্দেশ জাৰি কৰাৰ পিছত দিনৰভাগত বহুসংখ্যক অসচেতন লোকে বজাৰত ভিৰ কৰাই নহয়, আনকি সামাজিক দূৰত্ব গুৰুত্বহীন কৰি আৰু মুখত মাস্ক পৰিধান কৰা নাই৷ এনে পৰিপ্রেক্ষিতত তেজপুৰ চহৰৰ বিভিন্ন প্রান্তত জনসাধাৰণৰ বজাৰ–সমাৰত অধিক সমাগম হোৱা ঠাইত সদৰ ৰাজহ বিষয়াৰ নেতৃত্বত আৰক্ষী প্রশাসনে অভিযান তীব্র কৰি তুলি মাস্ক পৰিধান নকৰা আৰু নামতহে মাস্ক থুঁতৰিৰ তলত আঁৰি লৈ ফুৰা বহু লোকক জৰিমনা বিহা পৰিলক্ষিত হয়৷ ইয়াৰ সমান্তৰালভাৱে ক’ৰোনাৰ প্রতিষেধক ছিটা অধিক লোকক দিবৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন কেন্দ্রত তৎপৰতা গ্রহণ কৰাৰ পিছত কাইলৈৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰ লোকক দিব লগা প্রতিষেধক ছিটাৰ বাবে কেইবাটাও নতুন ভেকচিন প্রদান কেন্দ্র তেজপুৰৰ লগতে জিলাখনৰ বিভিন্ন প্রান্তত গঢ়ি তুলিছে৷

আজিৰে পৰা শোণিতপুৰ জিলা প্রশাসনে জিলা স্বাস্থ্য বিভাগৰ সহযোগত জিলাখনৰ ১১টা স্থানত এই বয়সৰ লোকসকলক ক’ভিড প্রতিষেধক প্রদান কৰিব বুলি শোণিতপুৰৰ ডপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে আজি তেজপুৰত সাংবাদিকৰ আগত সদৰী কৰে৷ জিলা ডপায়ুক্তগৰাকীয়ে কাইলৈ ক’ভিড ভেকচিন প্রদান কৰিবলগীয়া স্থান তেজপুৰ ৰাষ্ট্রভাষা বিদ্যালয় পৰিদর্শন কৰি প্রস্তুতিৰ সম্পূর্ণ বুজ লয়৷

নিয়মীয়া বার্তা, মুকালমুৱাঃ বৰক্ষেত্রীৰ ব্রহ্মপুত্রত চলি থকা নাওসমূহত শতাধিক লোক ক’ভিড বিধি উলংঘা কৰি যাত্রা কৰি থকা ঘটনাই সচেতন মহলত চর্চা লাভ কৰিছে৷ বৰক্ষেত্রীৰ জল পৰিবহণ বিভাগে ক’ভিড ভাইৰাছ সংক্রান্তীয় সকলো নীতি–নিয়ম ভৰিৰে মোহাৰি চলাই আছে যন্ত্রচালিত নাওসমূহ৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মুকালমুৱা শাখা কার্যালয়ৰ অধীনত থকা মুকালমুৱা, চতেমাৰী আৰু লাৰকুছি পাৰঘাটত দৈনিক হাজাৰ হাজাৰ লোক কোনো ক’ভিড বিধি নমনাকৈ অহা–যোৱা কৰি আছে৷ একো একোখন যন্ত্রচালিত নাৱত মহিলা, শিশু, বৃদ্ধসহ শতাধিক লোকে যাত্রা কৰি আছে একেলগে৷ কোনো লোকেই ব্যৱহাৰ কৰা নাই মাস্ক, নাই কোনো ছেনিটাইজাৰৰ ব্যৱস্থা আৰু নাই সামাজিক দূৰত্ব৷ দৈনিক এনেদৰে হাজাৰ হাজাৰ লোকে নাওসমূহেৰে যাত্রা কৰি আছে যদিও মুকালমুৱা মহকুমা প্রশাসন তথা জিলা প্রশাসনে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

চৰাঞ্চলৰ পৰা লোকসকলে যন্ত্রচালিত নাওসমূহেৰে মুকালমুৱা, নলবাৰী, গুৱাহাটীৰ লগতে বৃহত্তৰ বৰক্ষেত্রী অঞ্চলৰ বিভিন্ন বজাৰলৈ সদায়ে অহা–যোৱা কৰি থকাৰ ফলতে এতিয়া ক’ভিড ভাইৰাছে বৃহত্তৰ অঞ্চলটোত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰিছে সচেতন মহলে৷ উল্লেখ্য যে বৰক্ষেত্রী অঞ্চলত ইতিমধ্যে আশীজনৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে আৰু চাৰিগৰাকীৰ ইতিমধ্যে ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে৷

নিয়মীয়া বার্তা, বাগানপাৰাঃ বাক্সা জিলাৰ বাগানপাৰা, নয়াবস্তি,বৰমা অর্ধসাপ্তাহিক বজাৰত দেখা গৈছে এখন বিপৰীত ছবি৷ ক’ৰোনালৈ কেৰেপ নকৰি একাংশই নামত এখন মাস্ক লৈছে আৰু একাংশই মাস্ক অবিহনে সমৱেত হৈছে এই বজাৰসমূহত৷ নাই কোনোধৰণৰ সামাজিক দূৰত্ব৷ ক্রেতা–বিক্রেতা সকলোৱে ক’ৰোনা প্রট’কলক ভৰিৰে মোহাৰি বজাৰ কৰি গৈছে৷ জিলা প্রশাসনে বজাৰৰ ক্ষেত্রত লোৱা নাই কোনো ব্যৱস্থা৷ দূৰ–দূৰণিৰ পৰা নয়াবস্তি,বাগানপাৰা,বৰমা বজাৰত বজাৰ কৰিবলৈ আহে, কিন্তু এইক্ষেত্রত বাস্তৱ পদক্ষেপ নাই জিলা প্রশাসনৰ৷

নিয়মীয়া বার্তা, বৰমাঃ ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ক’ভিড প্রট’কল বান্ধি দিছে যদিও বাক্সা জিলাৰ বৰমা অর্ধসাপ্তাহিক বজাৰত দেখা গৈছে এক বিপৰীত ছবি৷ নামত এখন মাস্ক লৈ হাজাৰ হাজাৰ লোক সমৱেত হৈছে বজাৰত৷ নাই কোনোধৰণৰ সামাজিক দূৰত্ব৷ বজাৰৰ সন্মুখত আছে তিনিজন আৰক্ষী৷ কিন্তু কোনোৱে আৰক্ষীক কেৰেপ কৰা নাই৷ এনেকৈ বৰমাত সপ্তাহত দুখনকৈ বজাৰ ক’ভিড নিয়ম উলংঘা কৰি চলি আছে৷ জিলা প্রশাসনে বজাৰৰ ক্ষেত্রত লোৱা নাই কোনো ব্যৱস্থা৷

You might also like