নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজহ আদালতত প্ৰিমিয়াম জমা দিয়া তেলাম লাটৰ তিনিকুৰি কৃষকে আঢ়ৈটা বছৰে লাভ কৰা নাই ভূমিৰ ম্যাদী পট্টা

অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশনাক কেৰেপ নকৰে জোনাই ৰাজহ বিভাগৰ মণ্ডল, কৰ্মচাৰীয়ে, শীঘ্ৰে ভূমি পট্টন প্ৰদানৰ দাবী জনাইছে ভূক্তভোগী ৰাইজে

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ দীৰ্ঘদিন ধৰি জোনাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত অব্যাহত আছে দুৰ্নীতি-অনিয়।যাৰফলত আবেদন কৰিও বছৰ বছৰ ধৰি জোনাই ৰাজহ চক্ৰৰ কৃষক ৰাইজে বঞ্চিত হৈ আহিছে ভূমি পট্টা লাভৰ পৰা। উল্লেখনীয় যে যোৱা ২০১৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে জোনাই ৰাজহ চক্ৰৰ তেলাম লাটৰ ১ নং বৰআটি গাঁৱৰ সাংস্কৃতিক গৃহত এখন ৰাজহ আদালত অনুষ্ঠিত হয়। উক্ত ৰাজহ আদালতৰ জৰিয়তে তেলাম লাটৰ ১ নং,২ নং,৩ নং বৰআটি, কেমেৰে,বৰদণ্ডী গাঁৱৰ ৬৩ কৃষক পৰীয়ালে একচনাৰ পৰা ম্যাদী পট্টা পাবলৈ আবেদন দিয়াৰ লগতে প্ৰিমিয়াম টকা জমা দিয়ে। প্ৰিমিয়াম জমা দিয়াৰ ওপৰিও ভূমি ম্যাদী কৰাৰ নামত সাত আঠ হাজাৰ টকা পৰ্যন্ত তেলাম লাটৰ এই সময়ৰ তদানীন্তন মণ্ডল আৰু জোনাই ৰাজহ চক্ৰৰ উচ্চ বৰ্গ কৰ্মচাৰী গোবিৰাম কুম্বাঙে কৃষক পৰিয়াল সমুহৰ পৰা লয় বুলি ভূক্তভোগী ৰাইজে জনাইছে। ৰাইজে পট্টা বিচাৰি বাৰম্বাৰ জোনাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ মণ্ডল, কৰ্মচাৰীক অনুৰোধ জনাই আহিছে যদিও কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰিলে।

আজি আঢ়ৈটা বছৰ পাৰ হোৱাৰ পাছতো তেলাম লাটৰ কৃষক পৰিয়াল সমুহে পট্টাৰ পৰা বঞ্চিত হৈ আছে।যোৱা ৪ মে’ ২০২১ তাৰিখে এই বিষয়ে অৱগত কৰি ধেমাজি জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি আবেদন কৰে ভূক্তভোগী ৰাইজে। ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেই বিষয়টো সমাধান কৰিবলৈ জোনাই ৰাজহ চক্ৰ বিষয়া কৰ্মচাৰীক নিৰ্দেশনা দিয়ে যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে।

উল্লেখযোগ্য যে তেলাম লাটৰ মণ্ডল গৰাকী তেলামত ৰাজহ আদালত বহাৰ কিছুদিন পাছতে চিচিবৰগাঁৱলৈ বদলিকৰণ হৈ যায় আৰু বৰ্তমান জোনাই লাটত কৰ্মৰত হৈ আছে।আনহাতে জোনাই ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ তদানীন্তন উচ্চ বৰ্গৰ কৰ্মচাৰী গৰাকী জোনাই মহকুমাধিপতি কাৰ্য্যলয়লৈ বদলি হৈ যায়। এনৈ পৰিস্থিতিত বৰ্তমানৰ তেলাম লাটৰ মণ্ডল আৰু বিভাগৰ আন কৰ্মচাৰীয়ে বিষয়টো কাৰ্য্যকৰী কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। লক্ষ্যনীয় যে জোনাই ৰাজহ চক্ৰৰ মণ্ডলৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ উপৰি ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেই পুনৰ বিষয়টো তৎকালে যাৱতীয় ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়াৰ ফলস্বৰূপে কম দিনৰ ভিতৰত তেলাম লাটৰ কৃষক সকলক পট্টা প্ৰদানৰ পদক্ষেপ লব বুলি জোনাই ৰাজহ চক্ৰ বিষয়াই সদৰী কৰিছে। আজি পুনৰ নৱনিযুক্ত জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক বিষয়টো তৎকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভূক্তভোগী ৰাইজে আবেদন জনাইছে।

You might also like