নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আটক ৭ গৰাকী ড্ৰাগছ সৰবহকাৰীঃ নিষিদ্ধ ড্ৰাগছ সৈতে ২১ হাজাৰ নগদ ধন, এখন গাড়ী জব্দ

নিয়মীয়া বাৰ্তা  ২০ জুলাইঃ জোনাইত ড্ৰাগছ সৰবহকাৰী ৭ গৰাকী যুৱকক আটক কৰিবলৈ সক্ষম জোনাই আৰক্ষীৰ৷ জোনাইৰ লাইমেকুৰী গাঁৱত স্থানীয় ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক কৰাত্ত কৰি খবৰৰ ভিত্তিত জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত উক্ত স্থানৰ পৰা ড্ৰাগছ সৰবহকাৰী ৭ জন যুৱকক আটক কৰি জোনাই আৰক্ষী থানালৈ লৈ অনা হয়৷ আটক কৰা যুৱকেইজনৰ পৰা ৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, গঞ্জা ১৭ গ্ৰাম, ৬ বটল কপচিৰাপ, চিৰিঞ্জ, ২১ হাজাৰ নগদ ধন, আৰু এ আৰ 09-5693 নম্বৰৰ মাৰতি 800 গাড়ী জব্দ কৰে ৷  আৰক্ষীয়ে আটক কৰা যুৱকেইজন হল আৰুণাচল পূৱ চিয়াং জিলা পাছিঘাটৰ শ্বমিলৰ জ’ন মুকাৰ্জি(২১), পাছিঘাট দুই মাইলৰ মিলিং ময়ং(২৫), জোনাই থানাৰ অন্তৰ্গত মাজুলীপুৰ গাঁৱৰ বাবা দলে(৩৫),জিত দলে(২৮), লক্ষী পেগু (৪৮) ৰাকুট ককেৰ প্ৰসলাদ কাৰ্দং (৩৫), উজনি বিজয়পুৰৰ হিতেশ মেদক(৩১) বুলি জানিব পৰা গৈছে৷
জোনাই আৰক্ষীয়ে  ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ কেছ ৰুজ কৰি ড্ৰাগছ সৰবহকাৰীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।

You might also like