নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কামৰূপৰ তিনি সমষ্টিত ফুলিবনে পদুম?

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ  পহিলা এপ্রিলত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ নির্বাচন৷ উত্তপ্ত হৈ উঠিছে উত্তৰ কামৰূপৰ তিনি সমষ্টি ক্রমে হাজো, কমলপুৰ আৰু ৰঙিয়া সমষ্টি৷ বিভিন্ন ৰাজনৈতিক প্রেক্ষাপটলৈ লক্ষ্য কৰিলে এইবাৰ প্রতিগৰাকী প্রার্থী সন্মুখীন হ’ব তীব্র প্রত্যাহ্বানৰ৷ ইয়াৰ মাজতে এইবেলি তিনিওটা সমষ্টিত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰিব পাৰিব নে নাই, তাক লৈও ৰাজনৈতিক মহলত চর্চা অব্যাহত আছে৷

উল্লেখ্য যে ৫৬নং কমলপুৰ বিধানসভা সমষ্টিত এইবাৰ বিজেপি মিত্রজোঁটৰ হৈ প্রার্থিত্ব লাভ কৰিছে ড০ হিমন্ত বিশ্ব শর্মাৰ ঘনিষ্ঠ বুলি জনাজাত দিগন্ত কলিতাই৷ ২০১৬ চনত মিত্রজোঁটৰ প্রার্থী হিচাপে অগপ নেতা সত্যব্রত কলিতাই সমষ্টিটোত প্রতিদ্বন্দ্বিতা আগবঢ়াই বিধায়ক হোৱাৰ সপোন সার্থক কৰিছিল৷ মোদী ঢ়ৌ আৰু বিজেপিৰ ছুনামি কালত সত্যব্রত কলিতাই ৭৮,১৭০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ প্রাণজিৎ চৌধুৰীয়ে পাইছিল মাত্র ৪১,২৬১টা ভোট৷ প্রায় ১ লাখ ৮৪ হেজাৰ ভোট থকা সমষ্টিটোত এইবাৰ নির্বাচনত বিজেপি মিত্রজোঁটৰ প্রার্থী দিগন্ত কলিতা আৰু মহাজোঁটৰ প্রার্থী কিশোৰ ভট্টাচার্যৰ মাজত তীব্র যুঁজ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ এই মুহূর্তত কমলপুৰত পদুম ফুলিব নে নাই, সেয়া ধূসৰ যদিও ড০ হিমন্ত বিশ্ব শর্মাই কমলপুৰত চলোৱা নির্বাচনী প্রচাৰৰ পিছত যথেষ্ট উৎসাহী হৈ পৰিছে বিজেপি মহল৷

সমান্তৰালভাৱে কিশোৰ ভট্টাচার্যৰ ব্যক্তিত্বক লৈও তথা কংগ্রেছ প্রার্থী হিচাপে নহয়, এগৰাকী সৎ, নিষ্ঠাৱান প্রার্থী হিচাপে তেওঁক লৈ যথেষ্ট উৎসাহী হৈ আছে অনুৰাগীসকল৷ একেদৰে হাজো সমষ্টিত বিজেপিৰ পৰা এইবেলি সুমন হৰিপ্রিয়াই টিকট নাপাব বুলি ৰাজনৈতিক মহলত চর্চা হৈছিল যদিও শেষ মুহূর্তত বিধায়িকাগৰাকীয়ে প্রার্থিত্ব পোৱাত মুকলিকৈ নহ’লেও ভিতৰি ভিতৰি থকা বঙহৰ যুঁজে যেন জয়ৰ অংকত আউল লগাব পাৰে৷ বহুদিন ধৰি সমষ্টিটোত লাগি থকা বিজেপিৰ প্রার্থিত্বপ্রত্যাশীসক্ সমর্থকে ক্ষোভত সুমনক চিপৰাং মৰাৰ সম্ভাৱনাই অধিক৷ অৱশ্যে অসম জাতীয় পৰিষদৰ প্রার্থী দুলু আহমেদৰ লগতে মূল যুঁজখন হোৱাৰ সম্ভাৱনা আছে সুমন হৰিপ্রিয়াৰ৷ বিজেপিবিৰোধী শিবিৰৰ ভোট অজাপ আৰু কংগ্রেছ প্রার্থী দুগৰাকীৰ মাজত বিভক্ত হ’লে সুমন হৰিপ্রিয়াৰ স্থিতি মজবুত হয়তো হ’ব৷

যদি ইয়াৰ বিপৰীত হয় তেন্তে দুলু আহমেদৰ স্থিতি শক্তিশালী হ’ব৷ উল্লেখ্য যে ২০১৬ চনত বিজেপিৰ সাংঘাতিক ঢ়ৌ থকাৰ পিছতো সুমন হৰিপ্রিয়াই লাভ কৰিছিল ৫৫,০৯৬টা ভোট৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ পৰা নির্বাচন খেলা দুলু আহমেদে ৪৬,১৮৮টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ অগপৰ প্রার্থী নুৰুল হুছেইনে পাইছিল মাত্র ১৬,৬০২টা ভোট৷ গতিকে এনে প্রেক্ষাপটলৈ লক্ষ্য কৰিলে হাজোত এইবাৰ পদুম ফুলিব নে নাই, সেয়া ২ মে’লৈ অপেক্ষা কৰিব লাগিব৷

আনহাতে, উত্তৰ কামৰূপৰ ভিতৰতে সকলোৰে দৃষ্টি থকা সমষ্টি হ’ল ৰঙিয়া৷ কাৰণ এই সমষ্টিটোক প্রতিনিধিত্ব কৰি আছে মন্ত্রী ভৱেশ কলিতাই৷ কথা আৰু কামেৰে চর্চাত থকা মন্ত্রী ভৱেশ কলিতাৰ বাবেও এইবাৰ তীব্র প্রত্যাহ্বান হৈ উঠিছে মহাজোঁটৰ মনোনীত তথা চিপিএমৰ প্রার্থী ডাঃ ভগৱান মিশ্র৷ বিজেপি প্রার্থীগৰাকীৰ সমানে প্রচাৰ চলাই চমক সৃষ্টি কৰিছে ডাঃ ভগৱান মিশ্রই৷ দুগৰাকী প্রার্থীয়ে স্বাভাৱিকতে নিজৰ জয় নিশ্চিত বুলি যিমানেই দাবী নকৰক কিয়, ৰঙিয়া সমষ্টিত এইবেলি কোনে শেষ হাঁহি মাৰিব তাৰ প্রতিচ্ছবি এতিয়াও স্পষ্ট নহয়৷ লক্ষণীয় যে বিগত নির্বাচনত ভৱেশ কলিতাই ৫৮,৩৫৩টা ভোট লাভ কৰি বিজয়ী হৈছিল৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ ঘনশ্যাম কলিতাই ২৬,২৮৬টা, নির্দলীয় মৃণাল ডেকাই ১৭,৭৭২টা আৰু ইউডিএফৰ প্রার্থীগৰাকীয়ে ১৪,৪১১টা লাভ কৰিছিল৷ এইবাৰ আকৌ বিপিএফেও মহাজোঁটত চামিল হৈছে৷ এনে ৰাজনৈতিক প্রেক্ষাপটত ডাঃ ভগৱান মিশ্রই যথেষ্টখিনি সবল স্থিতি ল’বলৈ সক্ষম হৈছে৷ ইতিমধ্যে আজি দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ কার্যৰ সামৰণি পৰাৰ পিছত এইবাৰ আৰম্ভ হ’ব শেষ নিশাৰ খেল৷

You might also like