জন্মাষ্টমীৰ দিনাই মাৰ্ঘেৰিটা-ত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ কৰুণ মৃত্যু
মাৰ্ঘেৰিটা-ৰ ইনথেমত বিদ্যুতৰ তাঁৰত লাগি এগৰাকী মহিলাৰ মৃত্যু হয়। পুৱতি নিশা ৩ঃ৩০ মান বজাত সংঘটিত হয় এই কৰুণ ঘটনা। নামঘৰত জন্মাষ্টমী পালন কৰি উভতি আহি পদূলিমুখত ছিঙি পৰি থকা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি লয় মহিলাগৰাকীয়ে।
মৃত মহিলাগৰাকী নগাপথাৰ নিৱাসী নিতুল গগৈৰ পত্নী পল্লৱী গগৈ (৩৮)। বিদ্যুত বিভাগৰ গাফিলতিতে এই ঘটনা সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজ তথা দল সংগঠনৰ। পৰিয়ালৰ লোকে বিদ্যুত বিভাগক বাৰাম্বাৰ অভিযোগ দিয়াৰ পিছতো বিদ্যুত বিভাগে বিদ্যুত পৰিবাহী তাঁৰডাল মেৰামতি নকৰা অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে।
ইফালে আছুৰ বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিয়ে বিদ্যুত বিভাগক নিহত মহিলাগৰাকীৰ পৰিয়ালক উচ্চিত ক্ষতিপূৰণৰ দাবী উত্থাপিত কৰাৰ লগতে দুগৰাকী কন্যা আৰু এটি সন্তানৰ সম্পূৰ্ণ শিক্ষাৰ দায়িত্ব ল’বৰ বাবে জনাইছে। অন্যথা বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হুংকাৰ প্ৰদান কৰিছে।
এই ঘটনাই অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পেলাইছে।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ১৫ ছেপ্টেম্বৰ