নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ শিশু অপহৰণকাৰীক আঢ়ৈ মাহৰ অন্তত যোৰাবাটত আটক জোনাই আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: যোৱা ১১ আগষ্টত জোনাইৰ এগৰাকী শিশুক অপহৰণ কৰা অৰ্জুন পেগু নামৰ এগৰাকী অপহৰণকাৰীক ইতিমধ্যে প্রায় আঢ়ৈ মাহৰ অন্তত আটক কৰিবলৈ সক্ষম হৈছে জোনাই আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত।

জোনাইৰ এছ.ডি.আৰ.এফ বাহিনীৰ এছ.অ প্ৰশান্ত পেগুৰ ৫ বছৰীয়া কন্যাক খেলি থকা অৱস্থাৰ পৰা এখন বাহনেৰে অপহৰণ কৰিছিল আৰু জোনাই তথা অৰুণাচল আৰক্ষীৰ তৎপৰতাত ২৪ ঘন্টাৰ ভিতৰতে অৰুণাচলৰ তদে চাৰিআলিৰ সমীপত উদ্ধাৰ কৰিব অপহৰণত ব্যৱহৃত এলট গাড়ীখনৰ লগতে শিশুটি। কিন্তু তেতিয়াৰ পৰা পলাটক অৱস্থাত আছিল অপহৰণকাৰী অর্জুন পেগুৱে।

ইফালে অপৰহনকাৰীৰ বিৰুদ্ধে তীব্র অভিযান অব্যাহত ৰখাৰ সময়তে যোৱা মংগলবাৰে বিশেষ সুত্ৰৰ বিত্তিত যোৰাবাটত যোৰাবাট আৰক্ষীৰ সহযোগত জোনাই মহকুমা আৰক্ষী বিষয়া ভাগৱমুনি দাসে আটক কৰিবলৈ সক্ষম হয় শিশু অপহৰণকাৰী অৰ্জুন পেগুক। শিশু অপহৰণকাৰী অৰ্জুন পেগুক বুধবাৰে জোনাইলৈ অনাৰ পিচতে জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিচতে ১০ দিনৰ বাবে আৰক্ষীৰ জীম্মাত বিচৰা বুলি জানিব পৰা গৈছে।

You might also like