নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন চিকিৎসকে ৰক্ষণাবেক্ষণ দি সহায় কৰিছিল মডেল ৰাজকন্যাক?

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ প্ৰথমে আৰক্ষী, তাৰপাছত চিকিৎসক। কোনে চেষ্টা চলাইছে বিতৰ্কিত মডেল ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিবলৈ? অসুস্থ নোহোৱা স্বত্তেও জিএনআৰচিৰ ছেমি আইচিইউত ভৰ্তি কৰাই ৰাজকন্যাক গ্ৰেপ্তাৰৰ পৰা বচাবলৈ কৰা চেষ্টাৰ আঁৰৰ বহু কাহিনী ক্ৰমাৎ পোহৰলৈ আহবিলৈ আৰম্ভ কৰিছে।

একমাত্ৰ ঘনিষ্ঠ হোৱাৰ বাবেই ৰাজকন্যাক এনেদৰে গ্ৰেপ্তাৰৰ পৰা বচাবলৈ জিএনআৰচিৰ এজন আগশাৰীৰ চিকিৎসকে চেষ্টা চলাইছিল বুলি চৰ্চালৈ আহিছে। সততে বুদ্ধিজীৱী-চিন্তাবিদ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ বিচৰা খ্যাতনামা জেষ্ঠ চিকিৎসকজনৰ হস্তক্ষেপতে জিএনআৰচিৰ আইচিইউত স্থান লাভ কৰিছিল ৰাজকন্যাই।

আগশাৰীৰ সাংস্কৃতিক কৰ্মী হিচাপেও সততে চিনাকী দিয়া এইজন চিকিৎসকে কোনো অসুস্থতা নোহোৱাকে কেৱল দিশপুৰ আৰক্ষীৰ পৰা বচাবলৈ হাস্পতালত ভৰ্তি কৰাইছিল বিতৰ্কিত মডেলগৰাকীক। অৱশ্যে পৰৱৰ্তী সময়ত ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিয়া এই চিকিৎসকজনক তদন্তৰ আওতালৈ আনে নে নানে সেয়া হ’ব লক্ষণীয়।

উল্লেখ্য যে ৰুক্মিণীগাঁৱত ৯ জনকৈ শ্ৰমিকক বাহনেৰে মহতিয়াই আহত কৰা সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱাক আজি দিনত প্ৰায় এঘণ্টা স্বাস্থ্য পৰীক্ষা কৰে ৬ জনীয়া মেডিকেল ব’ৰ্ডে। কিন্তু মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা। মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়ে আজি আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে।

You might also like