নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোলাত সিংহ লৈ ৰাজপথেৰে যাত্রা মহিলাৰ

কুৱেইটৰ ভিডিঅ’ক লৈ বিশ্বজুৰি শিহৰণ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ দুই হাতেৰে কোলাত সিংহ এটাক খামুচি ধৰি পথেৰে খোজকাঢ়ি গৈছে এগৰাকী মহিলা৷ মহিলাগৰাকীৰ বাহুবেষ্টনীৰ পৰা পৰিত্রাণ পাবলৈ বাৰে বাৰে চেষ্টা কৰিছে সিংহটোৱে৷ মাজে মাজে সিংহটোৰ বিকট চিঞৰে অঞ্চলটোত সৃষ্টি কৰিছে আতংক৷ এই ভিডিঅ’ ফুটেজে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে চাঞ্চল্য৷ সিংহক এনেদৰে কোলাত লৈ যোৱা দৃশ্যত বিভিন্ন মহলত সৃষ্টি হৈছে শিহৰণ৷ ভাইৰেল হোৱা এই ভিডি’টো কুৱেইটৰ৷ মিডল ইষ্ট মনিটৰৰ প্রতিবেদন অনুসৰি পিঞ্জৰা ভাঙি পলায়ন কৰিছিল সিংহটোৱে৷ তাৎক্ষণিকভাৱে জনসাধাৰণৰ বসতি অঞ্চলত সিংহটোৱে প্রৱেশ কৰাৰ লগে লগে তীব্র আতংকৰ সৃষ্টি হয়৷ তেতিয়াই মহিলাগৰাকীয়ে গৈ সিংহটোক নিজৰ নিয়ন্ত্রণলৈ আনে৷ জানিব পৰা মতে এই সিংহৰ গৰাকী হৈছে মহিলাগৰাকী৷ পিঞ্জৰাৰ পৰা পলায়ন কৰা পোহনীয়া সিংহক পুনৰ ওভতাই আনিবলৈ মহিলাগৰাকীয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু সিংহটোৱে যেন নিজৰ পিঞ্জৰালৈ উভতিব বিচৰা নাই৷ মহিলাগৰাকীয়ে কোলাত লোৱাৰ সময়ত সিংহটোৱে তাৰ আচৰণৰ জৰিয়তে তাকেই প্রতিপন্ন কৰিছে৷

You might also like