প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচা পৰিদৰ্শন কৰি চাহ শ্ৰমিকসকলৰ সৈতে সময় কটায়।
পৰিদৰ্শনৰ সময়ত তেওঁ মহিলা চাহ শ্ৰমিকসকলৰ সৈতে একেলগে চাহপাত তুলি আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। লগতে শ্ৰমিকসকলৰ সৈতে ছেলফি তুলি এই মুহূৰ্তসমূহ স্মৰণীয় কৰি তোলে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “চাহেই অসমৰ আত্মা। ইয়াৰ চাহে বিশ্বজুৰি নিজৰ স্থান লাভ কৰিছে।” তেওঁ লগতে কয় যে চাহ বাগিচাৰ প্ৰতিটো পৰিয়ালৰ পৰিশ্ৰম আৰু অধ্যৱসায়ে অসমৰ গৌৰৱ বৃদ্ধি কৰিছে।
‘X’ত শ্বেয়াৰ কৰা পোষ্টত তেওঁ ডিব্ৰুগড়ৰ এই অভিজ্ঞতাক “অতি স্মৰণীয়” বুলি উল্লেখ কৰে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মঙলবাৰে নিশা ডিব্ৰুগড়ত উপস্থিত হৈছিল। ইতিমধ্যে তেওঁ গোগামুখত এখন বৃহৎ জনসভা সম্বোধন কৰিছে আৰু আগন্তুক সময়ত বিহালীত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।
ডিজিটেল ডেস্ক, ১ এপ্ৰিল