নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অধীনস্থ দিঘীৰপাম গাঁৱৰ তাইজুদ্দিনৰ (৫৬) ঘৰত নিশা বাঘবৰ আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান।উল্লেখযোগ্য যে তাইজুদ্দিনে দীৰ্ঘ দিনৰে পৰা নিজ ঘৰতে অবৈধ ভাৱে গাঞ্জা বিক্ৰী কৰি ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে নিশা গোপন খবৰৰ ভিত্তিত বাঘবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই তাইজুদ্দিনে ঘৰৰ চাৰিও ফালে ৰোপন কৰা বৃহৎ পৰিমানৰ গাঞ্জা খেতি কাটি বিনষ্ট কৰে । ইফালে আৰক্ষীয়ে তাইজুদ্দিনৰ বাসগৃহৰ পৰা কিছু পৰিমানৰ গাঞ্জাৰ পেকেটৰ লগতে কিছু আপত্তি জনক সামগ্ৰীও উদ্ধাৰ কৰে । অৱশ্যে আৰক্ষী অহাৰ উমান পাই মাৰাত্মক গাঞ্জাৰ পেকেট সমূহ লুকুৱাৰ অভিযোগ ৰাইজৰ। জানিব পৰা মতে দীৰ্ঘদিনে তাইজুদ্দিনে নিজৰ ঘৰটো অবৈধ গাঞ্জাৰ ঘাটিলৈ পৰিণত কৰাৰ অভিযোগ। অভিযান কালত তাইজুদ্দিনে আৰক্ষী তথা সাংবাদিকৰ আগত নিজেই গাঞ্জা সেৱন কৰে বুলি অকপট স্বীকাৰোক্তি প্ৰদান কৰে ।অৱশ্যে নিশাই আৰক্ষীয়ে তাইজুদ্দিনক সোধপোছৰ বাবে আটক কৰি থানা লৈ আনে ।

Niyamiya barta, baghbor

You might also like