নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ ভূৰাগাঁও আৰক্ষীৰ অভিযানত ৫০ বস্তা চোৰাং চাউল জব্দ

নিয়মীয়া বাৰ্তা, ২৮ মে: মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ অভিযানত জব্দ ৫০ বস্তা চোৰাং চাউল। ভূৰাগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ঔগুৰিপামৰ পৰা জব্দ কৰে চোৰাং চাউল খিনি। ভূৰাগাঁও আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰাৰ নেতৃত্বত চলিছিল এই অভিযান। চাউল খিনিৰ কোনো ধৰণৰ বৈধ নথি-পত্ৰ দেখুৱাব নোৱাৰাত আৰক্ষীয়ে জব্দকৰে চাউলখিনি। AS01NC,3493 নম্বৰৰ এখন ডিআই গাডীৰ লগতে গাড়ীখনৰ চালক আবু বক্কৰ ছিদ্দিকক আটক কৰে ৷আনহাতে জৰিবৰ গাঁৱৰ জৈনদ্দিন নামৰ এজন ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি চৰকাৰী চাউলৰ চোৰাং ব্যৱসায় চলাই আহিছে ।কোন সুলভ মূল্যৰ দোকানীয়ে দৰিদ্ৰৰ চাউল ব্যৱসায়ীৰ হাতত তুলি দিয়ে তাৰ এক তদন্ত কৰি সেই সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে বিহিত ব্যৱস্হা গ্ৰহণ কৰাৰ দাবী জনাইছে স্হানীয় ৰাইজে ।

You might also like