নিজকে যেতিয়া চিনি নোপোৱা হৈ যাওঁ
🔹 ড০ পার্থসাৰথি মহন্ত
হঠাতে আৱিষ্কাৰ কৰোঁ– আমি নিজকে চিনি পোৱা নাই ৷ আমাৰ অনেকৰে জীৱনৰ মাজভাগত এই অদ্ভুত ধৰণৰ অস্বস্তিটো হয়৷ কোনো সংকট নাই, দুর্যোগ নাই, বিফলতা নাই৷ বাহিৰৰ পৰা সকলো স্বাভাৱিক৷ কাম অব্যাহত আছে, নিজৰ দায়িত্ব চলি আছে, সামাজিক–পাৰিবাৰিক জীৱন সঠিকভাৱেই গৈ আছে৷ তথাপি মনৰ কোনোবা এটা কোণত এটা প্রশ্ণই মাজে মাজে খুন্দা মাৰে– মই কেতিয়া এই মানুহজন হ’লোঁ?
অদ্ভুত৷ কাৰণ এই প্রশ্ণটো আমি নিজকে সোধো৷ আমি আনক চিনি পাওঁ৷ কিন্তু জীৱনত হঠাৎ এদিন নিজকে অচিনাকি অনুভৱ কৰোঁ, যিটো বুজাবলৈ টান৷ আইনাখনত নিজৰ মুখখন চিনি পাওঁ ঠিকেই, কিন্তু আঁৰৰ মানুহজনক সম্পূর্ণৰূপে চিনি নাপাওঁ৷
সত্যটো হ’ল– জীৱনৰ বেছিভাগ পৰিৱর্তন এনে এটা ক্রমত আৰু গতিত ঘটে যে আমি লক্ষ্যই নকৰোঁ৷ ৰাতিটোৰ ভিতৰতে কোনো বেলেগ মানুহ হৈ নাযায়৷ পৰিৱর্তন মনে মনে আহে৷ দায়িত্ব, আপোচ, সফলতা, ভয়, অভ্যাস আৰু দৈনন্দিনতাৰ বেশত আহে পৰিৱর্তন৷ আৰম্ভণিতে প্রতিটো পৰিৱর্তনেই সৰু আৰু যুক্তিসংগত যেন লাগে৷ সময়ৰ লগে লগে এই সৰু সৰু পৰিৱর্তনবোৰ জমা হৈ সৃষ্টি কৰে এক ব্যৱধানৰ– আমি কোন হ’ম বুলি ভাবিছিলোঁ আৰু কোন হ’লোঁ– এই মানুহ দুটাৰ মাজৰ৷
সৰুতে আমাৰ বেছিভাগৰে নিজৰ লগত সম্পর্ক আছিল স্বাভাৱিক৷ আমি কি ভাল পাওঁ, কি বেয়া পাওঁ জানিছিলোঁ, কিহে উত্তেজিত কৰে, কিহে আগ্রহ–কৌতূহল জগায় আমি জানিছিলোঁ৷ দেখিবলৈ কেনেকুৱা হৈছে চিন্তা নকৰাকৈ হাঁহিছিলোঁ৷ নিজৰ কিবা পৰিচয় বিচৰা নাছিলোঁ৷ অলীক হ’ব পাৰে নেকি বুলি ভয় নোখোৱাকৈ সপোন দেখিছিলোঁ৷ আমি জীয়াই থকাত ব্যস্ত আছিলোঁ৷
তাৰ পাছত যৌৱন, আমি প্রাপ্তবয়স্ক হওঁ৷ লগতে আহে আশাৰ এখন দীঘলীয়া তালিকা৷ কেৰিয়াৰ, পৰিয়াল, সামাজিক প্রতিষ্ঠা৷ এইবোৰৰ মাজত জীয়াই থকাটো ইমান কঠিন হৈ পৰে যে আত্ম–বিশ্লেষণ, আত্ম–আৱিষ্কাৰ নীৰৱে আমাৰ অগ্রাধিকাৰ তালিকাখনৰ তললৈ নামি যায়৷
জীৱনৰ আধাখিনি এই সংসাৰখনে আমাক যি হোৱাটো বিচাৰে, সেয়া হ’বলৈ চেষ্টা কৰিয়ে পাৰ হৈ যায়৷ এজন দক্ষ কর্মচাৰী, দায়িত্বশীল অভিভাৱক, নির্ভৰযোগ্য পতি বা পত্নী৷ আৰু ভিতৰৰ ক’ৰবাত এটা শূন্যতা সৃষ্টি হয়, ক্রমাৎ বাঢ়িবলৈ লয়৷ কাৰণ এই সকলোবোৰ লাভ কৰা ব্যক্তিজনে এসময়ত সপোন দেখা মানুহজনৰ পৰা ক্রমান্বয়ে বিচ্ছিন্ন অনুভৱ কৰিবলৈ লয়৷
পৰিৱেশ–পৰিস্থিতিৰ লগত খাপ খুৱাই ল’ব পৰাটো মানুহৰ এটা সাংঘাতিক গুণ৷ কর্মক্ষেত্রৰ প্রয়োজনীয়তা, সামাজিক প্রত্যাশা আদিৰ লগত খাপ খুৱাই আমি আচৰণ সলনি কৰোঁ৷ অভিযোজন ক্ষমতাই আমাক জীয়াই থকাত সহায় কৰে৷ কিন্তু অহৰহ অভিযোজনত এটা বিপদ লুকাই থাকে৷ আমি আগতে কোন আছিলোঁ সেয়া পাহৰি যাওঁ৷ গান ভাল পাওঁ, কিন্তু নুশুনা–নোগোৱা হ’লোঁ৷ পঢ়ি ভাল পাওঁ, কিন্তু নপঢ়া হ’লোঁ৷ লিখি ভাল পাওঁ, কিন্তু নিলিখা হ’লোঁ৷
সমাজে অনুকূলতাক পুৰস্কৃত কৰে৷ গতিকে আমি সেইমতে আচৰণ কৰোঁ৷ কেনেধৰণৰ জীৱনে আমাক জীয়াই থকাৰ প্রকৃত অনুভৱ দিব– আমাক কোনেও নোসোধে আৰু আমি পাহৰি যাওঁ আমি কি বিচাৰিছিলোঁ৷
উত্তৰণ আৰু আত্মপ্রতাৰণাৰ মাজত পার্থক্য আছে৷ উত্তৰণে প্রজ্ঞা, পৰিপক্বতা আৰু গভীৰতা আনে৷ আত্মপ্রতাৰণাই আমাক সংকুচিত কৰে৷ গ্রহণযোগ্যতা বা নিৰাপত্তাৰ বিনিময়ত আমি নিজৰ বহু কথাই পৰিত্যাগ কৰোঁ৷ সমস্যা হ’ল ওপৰে ওপৰে চালে দুয়োটাকে প্রায়ে একে যেন লাগে৷ নিজৰ জীৱনৰ পৰা নীৰৱে বিচ্ছিন্ন এজন ব্যক্তিক সফল যেন লাগিব পাৰে৷ আনহাতে যিজনে নিজে বিচৰা জীৱনটো পাইছে তেওঁক আকৌ সাধাৰণ যেন লাগিব পাৰে৷ অর্থাৎ আনে দেখা কৃতিত্ব আৰু আচলতে কি তাৰ মাজত পার্থক্য আছে৷
আধুনিক জীৱনে এই সমস্যাটো আৰু অধিক জটিল কৰি তুলিছে৷ বিভ্রান্তি বেছি৷ আমাৰ ভিতৰত কি ঘটি আছে লক্ষ্য কৰিবলৈ সময় নাপাওঁ৷ আমি আমাৰ চিন্তাৰ লগত অকলে খুব কম থাকোঁ৷ আমি এটা পৰিচালিত জীৱন কটাওঁ৷ ক’লৈ গৈ আছোঁ বুলি নিজকে নোসোধাকৈয়ে আমি আগবাঢ়ি গৈ থাকোঁ৷ সফল হ’লেই সুখী বুলি ক’ব নোৱাৰি৷ প্রযুক্তিৰ জৰিয়তে সকলোৰে সৈতে সংযুক্ত, কিন্তু নিজৰ পৰা বিচ্ছিন্ন৷
আৰু এটা সময়ত এটা বিৰক্তি আৰম্ভ হয়, এটা অসন্তুষ্টি৷ সময়ত অর্থপূর্ণ বুলি ভবা কামবোৰ যান্ত্রিক যেন অনুভৱ হ’বলৈ লয়৷ সাফল্যই অনা সন্তুষ্টি হৈ পৰে ক্ষণস্থায়ী৷ জীৱনটো এক ধাৰাবাহিক কামৰ দৰে অনুভৱ হ’বলৈ আৰম্ভ কৰে৷
মধ্য জীৱনত এই অনুভৱবোৰ অধিক তীব্র হৈ পৰে৷ কাৰণ তেতিয়ালৈ কিছুমান ভ্রম আঁতৰি যায়৷ পাছত কৰিম বুলি ভবা কামৰ কাৰণে যে সময় আৰু সুবিধা এটাও নহয় উপলব্ধি হ’বলৈ আৰম্ভ কৰে৷ ভৱিষ্যতত বহু সময় আছে বুলি থকা ভাবটো নোহোৱা হ’বলৈ আৰম্ভ কৰে৷ পিছত কৰিম বুলি পেলাই থোৱা কামবোৰে মনোযোগ বিচাৰে৷
ফলত অনেকৰে জীৱনৰ মাজভাগত এক আচৰিত ধৰণৰ পৰিৱর্তন আহে৷ তেওঁলোক পাহৰি যোৱা চখবোৰলৈ পুনৰ ঘূৰি যায়৷ ফুৰে, লিখে, ছবি আঁকে, কেৰিয়াৰ সলনি কৰে৷ আনে এই সিদ্ধান্তবোৰ আৱেগিক বুলি ভাবে৷ আচলতে পিছে এয়া হৈছে হ’ম বুলি ৰৈ থকা মানুহটোৰ সৈতে সংযোগ স্থাপনৰ প্রচেষ্টা৷
দায়িত্ব আৰু দৈনন্দিন জীৱনৰ ঠিক তলতে ৰৈ থাকে এই মানুহটো৷ জীৱনৰ মাজভাগত আকৌ ওলাই আহে, যদি আমি বিচাৰোঁ৷
নিজকে পুনৰ আৱিষ্কাৰ কৰিবলৈ লাগে মাত্র মনটো৷ মন কৰিলেই হ’ল– প্রকৃত আনন্দৰ প্রতি মন দিয়া– আমি কি আনৰ বাবে কৰিছোঁ, কি নিজৰ বাবে কৰিছোঁ তাৰ প্রতি মনোযোগ দিয়া৷
কিছু অস্বস্তিকৰ৷ কাৰণ, সততাৰ প্রয়োজন– নিজৰ লগত৷ আমি হয়তো আৱিষ্কাৰ কৰিম আমি খেদি ফুৰা বহু লক্ষ্য কেতিয়াও আমাৰ নিজৰ নাছিল৷ কিছুমান বিশেষ কাম আমি কেৱল আনক সন্তুষ্ট কৰিবলৈকে কৰিছিলোঁ৷ আমাৰ বহু ইচ্ছা আমি দমাই ৰাখিছিলোঁ৷ আমাক এক অপৰাধবোধে দংশন কৰে৷ এতিয়া কিন্তু আমাৰ লক্ষ্য বিশ বছৰ বয়সৰ ল’ৰাটোৱে ওচৰলৈ ঘূৰি অহা নহয়৷ লক্ষ্য হ’ল সেই ল’ৰাটোক পৰিপক্ব কৰি তোলা৷ সেই ল’ৰাটোৱে যাতে দায়িত্ব পালন কৰিও কৌতূহল আৰু অনুসন্ধিৎসা নেহেৰুৱায়, সেয়াহে প্রকৃত উত্তৰণ৷ লক্ষ্য নতুন মানুহ হোৱা নহয়– সম্পূর্ণ হোৱা৷
জীৱনে আমাক সকলোকে সলনি কৰে৷ কিছু পৰিৱর্তন প্রয়োজনীয়৷ কিছুমান ধুনীয়া, কিছুমান বেদনাদায়ক৷ জীৱনে অৱশ্যে আমাক সলনি কৰিলেও নিজৰ পৰা সম্পূর্ণৰূপে বিচ্ছিন্ন নকৰে৷
সেয়েহে মাজে মাজে আমি নিজৰ লগতো কথা পাতিব লাগিব৷ নিজকে সুধিব লাগিব– মই কি নকৰা হ’লোঁ? নিজকে অৱহেলা কৰিছোঁ নেকি? কিবা সপোন পৰিত্যাগ কৰিছোঁ নেকি? মই মোৰ মতে জীয়াই আছোঁ নে বাধ্যবাধকতা মানি চলিছোঁ? উত্তৰবোৰ তৎক্ষণাত নাপাব পাৰোঁ৷ কিন্তু বহুদিনৰ পৰা নিজৰ লগত পাতিবলৈ এৰি দিয়া বিষয়বোৰৰ ওপৰত কথা–বতৰা অন্ততঃ পুনৰ আৰম্ভ হৈ যায়৷
জীৱনত নিশ্চিত কথাবোৰৰ এটা হ’ল– আমি সলনি হওঁ৷ সমস্যাটো হ’ল আমি গম নেপোৱাকৈয়ে সলনি হওঁ৷ আৰু এদিন আমি নিজকে চিনি নোপোৱা হৈ যাওঁ৷ সফলতা, মর্যাদা আৰু কৃতিত্বৰ দিশত আমাৰ যাত্রা গুৰুত্বপূর্ণ, কিন্তু তাতোকৈ গুৰুত্বপূর্ণ নিজৰ ফালে উভতি অহা যাত্রা৷ সকলো ভূমিকা আৰু অভিযোজনৰ তলত লুকাই থকা মানুহটোক পুনৰ আৱিষ্কাৰ কৰা৷ কাৰণ গোটেই পৃথিৱীয়ে আমাক চিনি পালেই নহ’ব, আমি নিজেও নিজৰ চিনাকি হৈ থাকিব লাগিব৷