নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী আচৰণ ভংগৰ অভিযোগঃ ছিপাঝাৰত প্ৰদ্যুৎ বৰদলৈৰ ৰেলীত আৰক্ষীৰ বাধা

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ নিৰ্বাচনী আয়োগে আনুষ্ঠানিক ভাবে আগন্তুক নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে এতিয়া তৎপৰ হৈ উঠিছে প্ৰশাসন।আনকি দৰঙৰ উপায়ুক্তয়ো কালি এক নিৰ্দেশ যোগে সমগ্র জিলাখনতে ১৪৪ধাৰা জাৰি কৰিছিল।কিন্তু ইয়াৰ মাজতে আজি ছিপাঝাৰত কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে এটা বৃহৎ ৰেলীৰে শক্তি প্ৰদৰ্শন কৰাৰ সময়তে আৰক্ষী আৰু প্ৰশাসনে বাধা দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

উল্লেখ্য যে ছিপাঝাৰত শনিবাৰে কংগ্ৰেছ দলৰ অসম বচাও শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ছিপাঝাৰৰ কেইবাটাও পৰিয়ালৰ ঘৰলৈ গৈ সাংসদ গৰাকীয়ে জনসম্পৰ্ক ৰক্ষা কৰাৰ পিছত বৃহৎ সংখ্যক সৰুবৰ গাড়ীৰ ৰেলীৰে যাত্ৰা কৰিছিল খটৰা সত্ৰ অভিমুখে।

আনহাতে পথৰুঘাটৰ কৃষক শ্বহীদ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি খটৰা সত্ৰ অভিমুখে যোৱাৰ বাটতে পাথৰিঘাট আৰক্ষী চকীৰ সমীপত আৰক্ষী আৰু প্ৰশাসনে বৃহৎ ৰেলী উলিওৱাত বাধা আৰোপ কৰে। এয়া নিৰ্বাচনী আচৰণ বিধিৰ পৰিপন্হী বুলি প্ৰশাসনে সাংসদ পৰদলৈ সহিতে সমৰ্থক সকলক আবদ্ধ কৰি ৰাখে।ইফালে ইয়াকে লৈ ক্ষুণ্ন হৈ পৰে সাংসদ প্ৰদ্যুত বৰদলৈ।আনকি পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষীৰ সৈতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় প্ৰদ্যুত বৰদলৈ। এয়া প্ৰশাসনৰ একপক্ষীয় ভুমিকা বুলি অভিহিত কৰি সত্ৰত সেৱা দিবলৈহে অহা বুলি আৰক্ষীক ওভতি ধৰে।

অৱশ্যে প্ৰশাসনৰ বাধাৰ বাবে ৰেলি আধাতে বন্ধ কৰিব লগা হোৱাৰ বিপৰীত কিছু সময়ৰ পিছত কম সংখ্যক সমৰ্থক সহ সাংসদ গৰাকীক যাবলৈ দিয়ে আৰক্ষীয়ে।আনহাতে খটৰা সত্ৰত সেৱা লৈ এখন চমু সভতো অংশ লৈ সাংসদ বৰদলৈয়ে বিজেপি ক মহিষাসুৰ ৰ লগত তুলনা কৰি অসমৰ ৰাজনীতি উদয় হোৱা মহিষাসুৰ বধৰ বাবেই মহাজোত বন্ধন কৰা হৈছে বুলি উল্লেখ কৰে।

আনহাতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰতি সদভাব থকা বুলি মন্তব্য কৰি দুয়োটা দলৰ দৰেই কংগ্ৰেছো কা বিৰোধী যদিও তেওঁলোকে যদি বিয়জে পিৰ বি টিম হিচাপে কাম কৰে ৰাইজে ক্ষমা নকৰে বুলিও কয়।

ইফালে অখিল গগৈ আৰু লুৰিন গগৈ বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী নিদিয়ে বুলি ষ্পস্ট ভাবে কয় যদিও এয়া দলটোৰ দুৰ্বলতা নহয়,কেবল সদ্ভাৱহে বুলিও উল্লেখ কৰে।উল্লেখযোগ্য যে আজিৰ কাৰ্যসূচীত দৰং কংগ্ৰেছৰ বিষয় ববীয়াৰ উপৰিও ছিপাঝাৰ,মঙলদৈ আৰি কলাইগাওৰ কেইবাগৰাকীও প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে সংগ দিয়ে ।

You might also like