নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহা’গৰ আগমনৰ বতৰা পাই গগনা, পেপা প্ৰস্তুত কৰাত ব্যস্ত মাকুমৰ প্ৰফুল্ল খাউণ্ড

 

 

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিল:- চেনেহৰ বহা’গৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ইতিমধ্যে সকলোৱে সাজু হৈছে চেনেহৰ বাপুটি সাহোন বহা’গৰ বিহুক আদৰিবলৈ ৷ নাচনীৰ গা সাতখন আঠখন ৷ গছৰ ডালত ওলমিছে লমালমে কপৌ ফুল ৷ শুনিবলৈ পোৱা গৈছে কুলিৰ মাত ৷ তেনে সময়তে হাতত জেতুকাৰ বুল লগাই কোন পাহ কপৌ ফুলে কোনজনী নাচনীৰ খোপাত সুৱাব তাকে লৈ কপৌ ফুল নিৰ্বাচন কৰাত ব্যস্ত নাচনীসকলো ৷ তেনে সময়তে বিগত বৰ্ষসমূহৰ দৰেই ব্যস্ত দেখিবলৈ পোৱা গৈছে মাকুম জ্যোতি নগৰৰ ৪৩ বছৰীয়া প্ৰফুল্ল খাউণ্ডক ৷ বহা’গৰ আগমনৰ বতৰা পাই প্ৰফুল্ল খাউণ্ডে নাচনীৰ খোপা সোৱনি কৰিবলৈ কাকৈ ফণি প্ৰস্তুত কৰাৰ লগতে ব্যস্ত গগনা বনোৱাত ৷ থলুৱা বিহু নাম কণ্ঠত বোলাই প্ৰফুল্লৰ দুহাত ব্যস্ত নাচনীৰ কাৰণে গগনা, কাকৈ ফণি, হুঁতুলী প্ৰস্তুত কৰাত ৷ সমান্তৰালভাৱে ব্যস্ত পেপাৰ মাতত নাচনীয়ে কঁকাল ভাঙি নাচিবলৈ চেনেহৰ পেপুৱাৰ কাৰণে মহৰ শিঙৰ পেপাটি সম্পূৰ্ণ কৰাত ৷ এইগৰাকী প্ৰফুল্ল খাউণ্ডে বিহুৰ স’তে জড়িত লোকবাদ্যৰ অধিকাংশই বছৰে বছৰে প্ৰস্তুত কৰি আহিছে নিজ হাতে ৷ গগনা, বৰগগনা, কাকৈ ফণি, হুঁতুলী, পেপা, ঢোলৰ মাৰিৰ লগতে ইটো সিটো ৷ এইসন্দৰ্ভত প্ৰফুল্ল খাউণ্ডে জানিব দিয়া অনুসৰি, সৰুৰে পৰা অৰ্থাৎ যেতিয়াৰ পৰা জনা হৈছে তেতিয়াৰ পৰাই নিজৰ কাৰণে প্ৰয়োজন হোৱা বাদ্যযন্ত্ৰবোৰ প্ৰস্তুত কৰি বিহু মাৰি আহিছে ৷ এটা সময়ত গছতলৰ বিহুত নাচনীক ককাল ভাঙি নচোৱাৰ লগতে উজনিৰ মঞ্চ কপাইছিল খাউণ্ডে ৷ এক কথাত ক’বলৈ গ’লে প্ৰফুল্ল খাউণ্ড আছিল এজন বিহুৱা ৷ পূৰ্বে যিহেতু গগনা, কাকৈ ফণি, পেপা ইত্যাদিবোৰ কিনিবলৈ পোৱা নাযায়, গতিকে নিজৰ প্ৰয়োজনীয়বোৰ নিজেই তৈয়াৰী কৰা হয় ৷ এতিয়া বহুতে এনেকৈ ঘৰত এইবোৰ লোকবাদ্য বনাই বুলি জনাতকৈ দোকানত বিক্ৰী কৰে বুলিহে অধীকে জানে ৷ খাউণ্ডৰ হাতৰে তৈয়াৰী প্ৰতিটো গগনাক ৭০ টকাকৈ আৰু বিভিন্ন সামগ্ৰী তিনিচুকীয়াৰ বিভিন্ন বিপনীত বিক্ৰী হৈ আহিছে ৷ প্ৰফুল্ল খাউণ্ডৰ আহ্বান যে, চেনেহৰ বহা’গৰ বিহুৰ লগতে আমাৰ কলাসংস্কৃতি সমূহ যুৱ প্ৰজন্মই আদৰি লওক ৷ এতিয়া নিজৰ সংস্কৃতি পাহৰি পশ্চিমীয়া সংস্কৃতি আদৰি লোৱা দেখিবলৈ পোৱা গৈছে একাংশই ৷ তাৰে এক ক্ষুদ্ৰ প্ৰচেষ্টা হিচাপে খাউণ্ডে দ্বিতীয় বছৰৰ কাৰণে প্ৰায় ১০০ গৰাকী কণকণ ছাত্ৰছাত্ৰীক একগোট কৰি মাকুম সোণমইনা শুচৰি দল নামেৰে এটি চেমনীয়া হুচৰি দল সাজু কৰিছে ৷ এই চেমনীয়া হুচৰি দলটিয়ে আপুনি যদি বিচাৰে আপুনি জড়িত বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰি আকৰ্ষিত কৰিব দৰ্শকমণ্ডলীক ৷

প্ৰেৰক:-বিবেক বড়া

You might also like