নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল সীমান্তৰ ফিল’বাৰীত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিল : তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ গ্ৰামাঞ্চল সমূহ যেন বৰ্তমান সময়ত ড্ৰাগছ কানি আদি বৰ বিহৰ বৃহৎ বজাৰলৈ ৰূপান্তৰিত হৈছে। যাৰ বাবে আজি জিলা খনৰ ফিল’বাৰী অঞ্চলৰ আমগুৰি-নাজিৰাটিঙৰ পৰা ফিল’বাৰী আৰক্ষী থানালৈ দ্বি শতাধিক ৰাইজে ড্ৰাগছ কানিৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ বাধ্য হয়। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, মৰাণ ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, গোর্খা ছাত্ৰ সন্থা আদিকে ধৰি স্থানীয় কেইবাটাও দল-সংগঠনে ৰাইজৰ এই প্ৰতিবাদত সহযোগ আগবঢ়ায় ।উল্লেখযোগ্য যে, বিগত ৫ এপ্ৰিলত বহুমুখী উন্নয়ন সংঘ নাজিৰাটিংৰ যুৱ সমাজ আৰু ৰাইজৰ সহযোগত পাঁচটাকৈ ড্ৰাগছ সেৱনকাৰীক ড্ৰাগছ সহ আটক কৰি আৰক্ষীক গতাই দিয়াৰ লগতে সেৱানকাৰী কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত অঞ্চলটোৰ ছয়টাকৈ ড্ৰাগছ বেপাৰীৰ নামৰ তালিকা আৰক্ষীৰ হাতত প্ৰদান কৰিছিল। কিন্তু , এই তালিকাৰ ভিত্তিত এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত, ক্ষোভিত আৰু আৰক্ষীৰ ওপৰত খড়্গহস্ত হৈ পৰে স্থানীয় ৰাইজ তথা দল সংগঠন। যাৰ ফলত আজি ড্ৰাগছ সেৱনকাৰীক আটক কৰা ঘটনাৰ সূত্ৰপাত হোৱা নাজিৰাটিং গাঁৱৰ পৰাই ৰাইজে আৰক্ষীৰ বিপক্ষে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

প্ৰণিধানযোগ্যযে, তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অসমৰ আন প্ৰান্তৰ আৰক্ষীত কৈয়ো অধিক কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তেই ফিল’বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে অভিযুক্ত ড্ৰাগছ বেপাৰীৰ ঘৰত অভিযান চলোৱাটো দূৰৈৰ কথা ৰাইজে নাম দিয়া সমাজ বিৰোধী কেইটাক থানালৈ মাতি আনি সোধপোছ কৰিবলৈও সাহস গোটাব নোৱাৰাই অন্য এক ইংগিত বহন কৰিছে বুলি আজি প্ৰতিবাদ থলীত উপস্থিত ৰাইজে অভিযোগ কৰে। তদুপৰি, ফিল’বাৰী অঞ্চলত সৃষ্টি হোৱা ড্ৰাগছৰ গোপন বজাৰ খন বন্ধ কৰিবলৈ আহ্বান জনাই ফিল’বাৰী আৰক্ষী থানাত উপস্থিত থকা জিলা খনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ জৰিয়তে আৰক্ষী অধীক্ষকলৈ ৰাইজ তথা অঞ্চলটোৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

প্ৰেৰক: কঙ্কণ জ্যোতি গোস্বামী,
ফিল’বাৰী

You might also like