নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিংপৰীয়া কবি-সাংবাদিক গকুল শৰ্মাৰ দেহাৱসান, বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

 নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট কবি, সাহিত্যিক, ক্ৰীড়া সংগঠক গকুল শৰ্মাৰ (৭৮) আজি ডিব্ৰুগড়স্থ এখন নাৰ্ছিং হোমত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত শৰ্মাক আজি পুৱা ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত ভৰ্তি কৰাৰ মাত্ৰ ত্ৰিশ মিনিটতে শেষ নিশ্বাস ত্যাগ কৰে।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, মাৰ্ঘেৰিটাৰ প্ৰথমজন চৰকাৰী পেন্সনপ্ৰাপ্ত সাংবাদিক, লেখক গকুল শৰ্মাৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। আজি তিনিচুকীয়া সাংবাদিক চ’ৰাত অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভাই তেওঁৰ গুণানুকীৰ্তন কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰ আত্মাৰ সদগতি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

সু-সাহিত্যিকগৰাকীৰ নশ্বৰ দেহ মাৰ্ঘেৰিটাৰ মাকুমপথাৰস্থিত বাসভৱনত আহি উপস্থিত হোৱাৰ লগে লগে গুণমুগ্ধসকলৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। তেওঁৰ নশ্বৰদেহত গন্ধপুষ্প অৰ্পণ কৰাৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, মাৰ্ঘেৰিটা বৰগোলাই শাখা সাহিত্য সভা, তিনিচুকীয়া জিলা কবি সন্মিলন, মাৰ্ঘেৰিটা শাখা কবি সন্মিলন, লেখিকা সংস্থা, আছু, ছাত্ৰ মুক্তি আদিৰ পৱিত্ৰ পতাকাৰে আবৃত্ত কৰি সন্মান জ্ঞাপন কৰে।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আঁ‌ত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ড° ৰমেন হাজৰিকা, ড° ৰঞ্জিত দত্ত, ৰুণজুন শইকীয়া, লক্ষ্যধৰ সোণোৱাল, জ্যোতিষ ৰাই, মানস প্ৰতিম গগৈ, শান্তনু সৰকাৰ, ৰূপম বৰুৱা, ফাইজুৰ ৰহমান, তপন দে’, শ্যামল নেওগ, মনজিত ৰাজখোৱা আদি বহু বিশিষ্ট ব্যক্তিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অসম বাৰ্তাজীৱী সংঘৰ স্বীকৃতিপ্ৰাপ্ত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, প্ৰবীণ সাংবাদিক, শেহতীয়াভাৱে অসম চৰকাৰৰ সাংবাদিক পেঞ্চনৰ বাবে নিৰ্বাচিত গকুল শৰ্মাৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। এটা বিবৃতিত সংঘৰ সভাপতি কেশৱ কলিতা আৰু সাধাৰণ সম্পাদক টুটুমণি ফুকনে কয় যে এগৰাকী অতি সৎ আৰু নিষ্ঠাৱান সাংবাদিক গকুল শৰ্মা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ সমগ্ৰ জিলাখনৰ সাংবাদিকসকলক নেতৃত্ব দিয়াৰ লগতে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা সম্পাদকৰ দায়িত্ব এটা সময়ত অলংকিত কৰিছিল।

আনহাতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাইৰ লগতে অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোঁ‌ৱৰে প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক হিমেন ভট্টাচাৰ্য, অনুজ কলিতা, তিনিচুকীয়া সাংবাদিক চ’ৰা ছৈখোৱা, কাকপথাৰ, ডিগবৈ, শদিয়া প্ৰেছ ক্লাব, আছা তিনিচুকীয়া জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিকে ধৰি বিভিন্ন দল সংগঠনে সাংবাদিক শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

You might also like