নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ আশাৰ বতৰাঃ মার্চ–এপ্রিলত অসমলৈ আহিব ক’ভিড–১৯ ভেকচিন

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ অহা বছৰৰ মার্চ–এপ্রিলত আহি আছে ক’ৰোনাৰ ভেকচিন৷  এই সুখবৰ দিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সোমবাৰে পুৱাৰ ভাগত জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই এই সুখবৰ দি কয় যে বর্তমান ৫টা ভেকচিন প্রস্তুতৰ কাম চলি আছে৷ ডাইডাছ কেডিলা, ভাৰত বায়’টেক, স্পুটনিক, ইউ এছ এৰ বায়’লজিকেল ই আৰু ছিৰাম ইনষ্টিটিউটৰ অক্সফ’ডৰ ভেকচিন প্রস্তুত হৈ আছে৷ আটাইকেইটাই দ্বিতীয় আৰু তৃতীয় পর্যায়ত আছে৷ অৱশ্যে অক্সফ’ডৰ ভেকচিন সকলোৰে আগত আছে৷

ভেকচিনৰ ওপৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুখ্যমন্ত্রীৰ সৈতে কৰা ভিডি’ কনফাৰেঞ্চত প্রথম কেটেগৰীত চিকিৎসক–নার্ছকে ধৰি স্বাস্থ্য বিভাগৰ ফ্রণ্টলাইন কর্মী, দ্বিতীয় কেটেগৰীত আৰক্ষী, সেনাবাহিনী, বি এছ এফ, চি আৰ পি এফ আদি, তৃতীয় কেটেগৰীত ৫০ বছৰৰ ঊর্ধ্বৰ লোক, চতুর্থ কেটেগৰীত ডায়বেটিছ, ৰক্তচাপ আদিত আক্রান্ত লোকক ভেকচিন দিয়াৰ কথা কৈছে৷ সেই মতে কেটেগৰী ভিত্তিত ৰাজ্য চৰকাৰক ভেকচিন ল’বলগীয়া লোকৰ সংখ্যা যুগুতাবলৈ নির্দেশ দিছে৷

সমগ্র দেশত মুঠ জনসংখ্যাৰ এক পঞ্চমাংশ অর্থাৎ ২৬ কোটি জনসাধাৰণক প্রথমে ভেকচিন দিয়া হ’ব৷ অসমতো ভেকচিন দিবলগীয়া লোকৰ সংখ্যা ৬০ৰ পৰা ৭০ লাখ হ’ব৷

You might also like