নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতিকৰণঃ সোণাৰিত আটাছুৰ প্ৰতিবাদী কাৰ্যসূচী

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : কালি কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক বাদ দি ৫খন ৰাজ্যৰ ১২ জনগোষ্ঠীৰ জনজাতিৰ মৰ্যদা প্ৰদান কৰাত জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন। আজি ইয়াৰে প্ৰতিবাদত উত্তাল হৈ পৰে সোণাৰি। তাৰেই পৰিপ্ৰেক্ষিতত প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৰ চৰাইদেউ জিলা সমিতিয়ে। সোণাৰি নগৰৰ শিৱ মন্দিৰ তিনিআলিত আজি দুপৰীয়া শতাধিক আটাছু সদস্যই এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি অসমৰ আহোম জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।
প্ৰেৰক দীপাংকৰ পাল

You might also like