নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিং : প্ৰাক্তন ছাত্ৰ নেতাসহ ৩ ছাত্ৰক পুনৰ বহিষ্কাৰ

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ পুনৰ নাহৰৰ দেশত অঘটন! ঐতিহাসিক বৌদ্ধিক পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি ছাত্ৰৰ বিৰুদ্ধে পুনৰ শাস্তি মুলক ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কতৃপক্ষই।বিশ্ববিদ্যালয়ৰ পিএনজিবি হোষ্টেলৰ ভয়ংকৰ ৰেগিং কাণ্ডৰে জৰিত হোৱাৰ অভিযোগ প্ৰমাণিত হোৱাত কেবল বিশ্ববিদ্যালয়খনৰে পৰাই নহয় দেশৰ অনান্য শৈক্ষিক প্ৰতিস্থানতো নামভৰ্তি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃপক্ষই। বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দ্বাৰা ৮ ডিচেম্বৰত স্বাক্ষৰিত আদেশ নং ডিইউ/আৰজি/বি:০১:১১/২০২২/৫৫১৯-২১ অনুযায়ী দেশৰ কোনো শিক্ষানুষ্ঠানত তিনি বছৰৰ বাবে এজন ছাত্ৰ আৰু দুজনক এবছৰ বাবে শৈক্ষিক বৰ্ষৰ পৰা বহি:স্কাৰ কৰা হৈছে।এই নিৰ্দ্দেশ সমগ্ৰ দেশৰ বাবেও প্ৰযোজ্য হোৱা নিৰ্দেশনাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কমল কৃষ্ণ কাকতি (এম এচ চি প্ৰথম ষাণ্মাষিক),পিতাঃ বীৰেন কাকতি, জ্যোতি নগৰ, ডিমৌ; শিৱসাগৰ বাসিন্দাক তিনি বছৰৰ বাবে আৰু চিত্ৰৱন বৰুৱা, পিতাঃ ক্ষীৰোদ বৰুৱা, তৃতীয় ষাণ্মাষিক বিচিএ, ৱাৰ্ড নং৩, বিহপুৰীয়া, লক্ষীমপুৰৰ লগতে পৱন গগৈ, পিতাঃ লক্ষী গগৈ, বি এডৰ প্ৰথম ষাণ্মাষিক, মৰাণহাট, ডিব্ৰুগড়ৰ বাসিন্দাক এবছৰৰ শৈক্ষিক বৰ্ষৰ পৰা পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈ বলবৎ থাকিব। নিৰ্দেশনা অনুযায়ী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ তদন্তত অভিযোগ উথাপিত হোৱা এই তিনি ছাত্ৰৰ বিৰুদ্ধে ৰেগিং কৰাতো সত্য বুলি প্ৰমানিত হৈ দোষী সাব্যস্ত হোৱাত আজি এনে গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃপক্ষই। উল্লেখ্য যে প্ৰধান অভিযুক্ত ৰাহুল চেত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ কাৰ্যকালত পৱন গগৈ স্নাতকোত্তৰ ছাত্র একতা সভাৰ সভাপতি আছিল। সামগ্ৰিক দৃশ্যপটত প্ৰাক্তন ছাত্ৰ একতা সভাৰ মূধাফুটা তথা মূল কাণ্ডাৰীসকলেই জঘন্য ৰেগিং কাণ্ডত জৰিত হৈ পৰাতো সঁচাকৈয়ে লজ্জাজনক আৰু চৰম পৰিতাপৰ বিষয় বুলি বিবেচিত হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like