নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ গেলাবিলত কিশোৰীক ধর্ষণৰ চেষ্টা

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ   ১৩ অক্টোবৰত ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনত গেলাবিলৰ ২জন যুৱকৰ বিৰুদ্ধে ২নং মাজগাঁৱৰ খনশ্রী বসুমতাৰীয়ে তেওঁৰে ছোৱালীক ধর্ষণ কৰাৰ চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰিছে৷ যোৱা ১২ অক্টোবৰৰ নিশা ৯মান বজাত দশম শ্রেণীত পঢ়ি থকা এগৰাকী ছাত্রীক গেলাবিলৰ প্রফুল্ল বৈশ্যৰ পুত্র প্রসেনজিৎ বৈশ্য (২৫বছৰ) আৰু ভূপেন বৈশ্যৰ পুত্র ঋতুপর্ণ বৈশ্য (২২বছৰ)ই কিশোৰীগৰাকীক ধর্ষণৰ চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে লগে লগে দুয়োগৰাকী যুৱকৰ বিৰুদ্ধে ওৰাং আৰক্ষী থানাত ১৫৩/২০২১ Under Section ৩৫৪A [i]-৩৫৪BR/W.8 of Poscso Actৰ অধীনত গ্রেপ্তাৰ কৰি জে’ল হাজোতলৈ প্রেৰণ কৰে৷

আনহাতে, যুৱক দুজনৰ পৰিয়ালবর্গই ধর্ষণ কৰাৰ চেষ্টা কৰা বিষয়টো সম্পূর্ণ মিছা বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকে কথা–বতৰা পাতি থকা বুলিহে জনাইছে৷ গেলাবিলৰ সুনীতি বৈশ্য, অঞ্জলি বৈশ্যই ৪০ হাজাৰ টকা নিয়া বুলি ওৰাং আৰক্ষী থানাত ১৩ অক্টোবৰত এটা গোচৰ দিয়ে৷ সেই মর্মে আৰক্ষীয়ে ১৫৪/২১Under Scetion ৩৭৯IPC গোচৰ এটি পঞ্জীয়নভুক্ত কৰি তদন্ত কৰি আছে৷ আনহাতে, ১৩ অক্টোবৰত অঞ্জলি বৈশ্যই সুনীতি বৈশ্য, জয়মতী বৈশ্যকে ধৰি ৫গৰাকী মহিলাই মাৰপিট কৰা বুলি ওৰাং আৰক্ষী থানাত আন এটি গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ১৫৫/২১under Section ৪৪৮/৩৯২/৩২৩/৫০৬IPC গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷ এটা ঘটনাক কেন্দ্র কৰি ৩টা গোচৰ পঞ্জীয়ন হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এতিয়া আৰক্ষীৰ তদন্ততহে প্রকৃত সত্য পোহৰলৈ আহিব কোন সঁচা কোন মিছা? ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে৷

You might also like