নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ধুবুৰীত ৩৭৭ শিক্ষানু্ষ্ঠানৰ ৭৩ হেজাৰ ১৫-১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব প্ৰতিষেধক

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো কাইলৈৰ পৰা স্কুলীয়া শিক্ষাৰ্থীক কোভিড প্ৰতিষেধক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ সকলো শিক্ষাৰ্থীক অহা ৯ জানুৱাৰী পৰ্যন্ত প্ৰতিষেধক প্ৰদানৰ অভিযান চলিব৷ ইয়াৰ বাবে ধুবুৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু হৈছে৷ কোভিড প্ৰতিষেধক প্ৰদানৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সদৰি কৰা মতে ধুবুৰী জিলাত মুঠ ৩৭৭ খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ ৭৩,৬৮০ গৰাকী শিক্ষাৰ্থীক নিজ নিজ বিদ্যালয়ত স্বাস্থ্য বিভাগৰ দলে গৈ ভেকচিন দিব৷ কাইলৈ ধুবুৰী মহকুমাৰ বাবে ধুবুৰীৰ চৰকাৰী (ল’ৰাৰ) উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিলাসীপাৰা মহকুমাৰ বাবে বিলাসীপাৰা আই এন একাডেমীত ভেকচিন প্ৰদান প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ সমান্তৰালকৈ সমগ্ৰ জিলাখনৰ ৬৬ বিদ্যালয়ত প্ৰতিষেধক দিয়া হ’ব৷ আনহাতে ৯ জানুৱাৰীৰ পিছত শিক্ষানুষ্ঠানত অধ্যয়ন নকৰা ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোকসকলকো প্ৰতিষেধক দিয়াৰ ব্যৱস্থা লোৱা হ’ব বুলিও প্ৰকাশ।

You might also like