নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ হেলেমত নকল সোণৰ নাও উদ্ধাৰ; ধৃত ৯

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ গহপুৰত দিনক দিনে বৃদ্ধি পাই আহিছে নকল সোণৰ বেহা। গহপুৰৰ টকৌবাৰীৰ বৃহস্পতিবাৰে সোণ ক্ৰয় কৰিবলৈ আহিছিল ঝাড়খণ্ডৰ ৮ জনীয়া এটা দল ।টকৌবাৰীৰ ধনঞ্জয় শইকীয়া নামৰ লোকজনৰ ঘৰত সাত লাখ টকাৰ বিনিময়ত প্ৰায় ডেৰ কেজি ওজনৰ সোণ ক্ৰয় কৰি ওভতাৰ পথত নিশা শালনিবাৰী আৰক্ষীৰ তালাচীৰ সময়ত ধৰা পৰে সোণ সহ যুৱকৰ দলটো। ধৃত যুৱক কেইজন ঝাৰখণ্ডৰ বিজয় কুমাৰ মাহাতু, অৰুণ কুমাৰ, মুন্না কুমাৰ, দিপেশ কুমাৰ,ৰৌশন কুমাৰ। অমিত কুমাৰ ৰাম, মুচিত আনচাৰী, পশ্চিম বংগ কোচবিহাৰৰ চফিউল মহম্মদ আৰু গহপুৰৰ টকৌবাৰীৰ ধনঞ্জয় শইকীয়াক আটক কৰি হেলেম আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে ।

input: নবজীৎ শইকীয়া গহপুৰ

You might also like