নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়া খোৱা নহ’ল অনামিকাৰ, তীব্ৰবেগী ব’লেৰোৱে শেষ কৰিলে সকলো সপোন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ চিৰাং জিলাৰ ঢালিগাঁৱত কালি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী যুৱতী নিহত হোৱাৰ লগতে অন্য দুগৰাকী যুৱতী আৰু ২ যুৱক গুৰুতৰভাৱে আহত হয়।

কালি নিশা প্ৰায় ৮  বজাত এ এছ ২৬ এ/৩১৮২ নম্বৰৰ ব’লেৰো গাড়ীৰে ছাপাগুৰি দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে তীব্ৰ গতিত ঢালিগাঁও অভিমুখে গৈ থকা অবস্থাত এ এছ ২৬ ডি/২৮৮০ নম্বৰ হোণ্ডা আই ২০ গাড়ীখনৰ সোঁমাজত খুন্দা মাৰি ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা নলাত সোমাই অচল হৈ পৰে।

দোলাইগাঁও-বেংতলগেট পথেৰে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি ভিৰাংগাঁও পথত প্ৰৱেশ কৰিবলৈ লওঁতে ব’লেৰো গাড়ীখনে আই ২০খনত খুন্দা মৰাৰ ফলত আই ২০খনত থকা ৫ আৰোহী গুৰুতৰভাৱে আহত হয়। আহতসকলক বিধ্বস্ত আই ২০খনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি নিশাৰ ভাগতে উত্তৰ বঙাইগাঁওস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰা হয়।

চিকিৎসাধীন অৱস্থাত নিশা প্ৰায় ১:৩০ বজাত অনামিকা ৰায়ৰ (২৮, পিতৃ- কনক ৰায়, হাতীমুত্ৰা, বঙাইগাঁও) মৃত্যু হয়।

আনহাতে আহত দুই যুৱক আৰু দুই যুৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আই ২০ খনৰ আৰোহী আটাইকেইজন এখন বিয়ালৈ গৈ আছিল বুলি জানিব পৰা গৈছে। একাংশ লোকে অভিযোগ উত্থাপন কৰা মতে, ব’লেৰো গাড়ী খনে ছাপাগুৰিত ট্ৰেফিক চিগনেল অমান্য কৰি তীব্ৰ গতিত আঁতৰি আহিছিল।

ঢালিগাঁও আৰক্ষীয়ে আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত নিহত যুৱতীগৰাকীৰ মৃতদেহ পৰিয়ালক গতাই দিয়ে। বৃহত্তৰ ঢালিগাঁও অঞ্চলৰ অধিকাংশ লোকৰে চিনাকি অনামিকা ৰায়ৰ অকাল মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলায়।

You might also like