নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত কিশোৰীক বিয়া পাতিবলৈ গৈ ডিঙিত বৰমালা পিন্ধিয়ে ৰঙাঘৰৰ আলহী হ’ল দৰা

কিশোৰীক বিয়া পাতিবলৈ গৈ ৰঙাঘৰৰ আলহী দৰা

নিয়মীয়া বাৰ্তা, ২৮-জানুৱাৰীঃ ৰূপহীহাটত বিয়া পাতিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল এজন দৰা ৷ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত কিশোৰীক বিয়া পাতিবলৈ গৈ ৰঙাঘৰৰ অতিথি হ’ল দৰা ৷ দৰাৰ নাম  উবাইদুল ইছলাম৷ ৰভাতলিৰ সলনি এতিয়া উবাইদুৰ ইছলাম ডিঙিত বৰমালা পিন্ধি লকআপত সোমাবলগীয়া হ’ল ৷ কাৰণ উবাইদুৰ ইছলামে এগৰাকী নাৱালিকাক বিয়া পাতিবলৈ গৈছিল ৷ এই খবৰ ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সঞ্জিত কুমাৰ ৰয়ে  পাই ৰভাতলিৰ পৰাই দৰাসহ তিনিজনক আটক কৰে ৷ ৰূপহীহাট আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আটক কৰিছে তিনিজনক৷ মুখ্যমন্ত্ৰী ড·হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ  হুংকাৰ দিয়াৰ সময়তে অধিক তৎপৰ হৈ পৰিছে ৰূপহীহাট আৰক্ষী ৷ ৰূপহীহাট আৰক্ষীৰ এনে তৎপৰতাত সচেতন মহলে একে মুখে শলাগ লৈছে ৷
জহিৰুল ইছলাম/ৰূপহীহাট
You might also like