নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ৮ বছৰীয়া নাৱালিকাক ৫৮ বছৰীয়া বৃদ্ধৰ যৌন নিৰ্যাতনৰ অভিযোগ

 নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ৰূপহীহাটত সংঘটিত মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড । ৮ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ ৫৮ বছৰীয়া নৰাধম ইছাম উদ্দিনৰ বিৰুদ্ধে।এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ ঔঅনা ।
৮বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিলে ৫৮ বছৰীয়া ইছাম উদ্দিন নামৰ পাহণ্ডটোৱে । ইছাম উদ্দিন নামৰ পাহণ্ডটোৱে নাবালিকা গৰাকীক নিজ গৃহলৈ ফুচলাই নি সংঘটিত কৰে ধৰ্ষণ । ইছাম উদ্দিন নামৰ ৫৮ বছৰীয়া পাহণ্ডটোক ৰাইজে আটক কৰি ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়ে । ৰূপহীহাট আৰক্ষীৰ তদন্ত আৰম্ভ কৰে ।

You might also like