নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্ৰুৱাৰীৰ প্ৰথমাৰ্ধত শীৰ্ষত উঠিব ক’ভিডৰ সংক্ৰমণ

১ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতত শীৰ্ষত উঠিব ক’ভিডৰ সংক্ৰমণ। এই কথা এনেই কোৱা হোৱা নাই। আই আই টি মাদ্ৰাজৰ এটি শেহতীয়া গৱেষণাত এই কথা সদৰি হৈছে। ভাৰতৰ আৰ-শূণ্য মানৰ প্ৰতি লক্ষ্য ৰাখি এই কথা কোৱা হৈছে। চলিত সপ্তাহত এই মান ৪ হৈ আছে। আৰ-শূণ্য মান ১ ৰ তললৈ গতি কৰিলেহে অতিমাৰী শেষ হৈছে বুলি ক’ব পাৰি। প্ৰাথমিক গৱেষণাত উপলব্ধ তথ্য মতে, ২৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত আৰ-শূণ্য মান আছিল ২.৯। কিন্তু এতিয়া এই মান হৈছেগৈ ৪। আইআইটি মাদ্রাজৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ডাঃ জয়ন্ত ঝায়ে জনোৱা মতে, ক’ভিডৰ তৃতীয় ঢৌ সৰ্বোচ্চ হ’ব ১ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত। ভেকচিনেছন আৰু সামাজিক দুৰত্ব মানি নচলাৰ বাবে এইবাৰৰ ঢৌ কিছু বেলেগ বুলিও তেওঁ ব্যক্ত কৰিছে।

You might also like