নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ পাঁচ শিল্পীলৈ সংগীত নাটক একাডেমী অমৃত বঁটা

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰঃ সাংস্কৃতিক ক্ষেত্রলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্যৰ কেইবাগৰাকীও শিল্পীলৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমী সন্মান৷ স্বাধীনতাৰ ৭৫ বর্ষপূর্তি উপলক্ষে এইবাৰ ঘোষণা কৰা এককালীন সংগীত নাটক একাডেমী অমৃত বঁটাৰে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিক সন্মানিত কৰা হৈছে৷ ঘোষণা কৰা অনুসৰি সত্রীয়া নৃত্যত হৰি বৰা বৰবায়ন, ব্যাস ওজাপালিত ধর্মেশ্বৰ নাথ ওজা, সত্রীয়া ওজাপালিত গুৰুপ্রসাদ ওজা, হিন্দুস্তানী বাদ্যযন্ত্র ভায়োলিনত মিনতি খাউণ্ড আৰু লোক–সংগীত তথা নৃত্যত মাখন চন্দ্র বৰালৈ এই বিশেষ অমৃত সন্মান প্রদান কৰা হৈছে৷ এক বিবৃতিত সংগীত নাটক একাডেমীয়ে সদৰী কৰা অনুসৰি যোৱা ৬ৰ পৰা ৮ নৱেম্বৰলৈ অনুষ্ঠিত ইয়াৰ বৈঠকত স্বাধীনতাৰ ৭৫ বর্ষপূর্তি উপলক্ষে দেশৰ ৭৫গৰাকী বিশিষ্ট ব্যক্তিলৈ এই বঁটা প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত ৰাজ্যক প্রতিনিধিত্ব কৰা বিশিষ্ট ব্যক্তিসকলক এককালীন সংগীত নাটক একাডেমী অমৃত সন্মানৰ বাবে বাছনি কৰা হৈছে৷ তেওঁলোকে ভাৰতীয় কলাৰ ক্ষেত্রখনলৈ বিভিন্ন ধৰণে অৱদান আগবঢ়াই আহিছে৷ সংগীত নাটক একাডেমী অমৃত বঁটাৰে সন্মানিত ব্যক্তিসকলক তাম্র পাত্র আৰু অংগবস্ত্রৰ উপৰি এক লাখ টকাকৈ প্রদান কৰা হ’ব৷ ইফালে, আজি সংগীত নাটক একাডেমীয়ে ২০১৯, ২০২০ আৰু ২০২১ বর্ষৰ বাবে সংগীত নাটক একাডেমী পুৰস্কাৰ ঘোষণা কৰিছে৷ ইয়াৰ লগতে ঘোষণা কৰা হৈছে একাডেমী ৰত্ন সন্মানো৷ দেশৰ ভিন্ন প্রান্তৰ ১০গৰাকী ব্যক্তিক একাডেমী ৰত্নৰে বিভূষিত কৰাৰ লগতে সংগীত, নৃত্য, থিয়েটাৰ পৰম্পৰাগত শিল্প, পুতলা নাচ আদিকে ধৰি বিভিন্ন ক্ষেত্রলৈ অৱদান আগবঢ়োৱা ১২৮গৰাকী শিল্পীলৈ ২০১৯, ২০২০ আৰু ২০২১ বর্ষৰ সংগীত নাটক একাডেমী পুৰস্কাৰেৰে সন্মানিত কৰা হয়৷ দেশৰ ভিন্ন প্রান্তৰ লগতে অসমৰ সত্রীয়া নৃত্যত ৰঞ্জুমণি শইকীয়া, পৰিচালনাত অবিনাশ শর্মা, অভিনয়ত প্রাঞ্জল শইকীয়া, অংকীয়া ভাওনাত গুণীন্দ্র নাথ ওজা আৰু লোকশিল্প তথা নৃত্যত প্রসন্ন গগৈলৈ সংগীত নাটক একাডেমী পুৰস্কাৰ আগবঢ়োৱা হৈছে৷ ইয়াৰ ভিতৰত ২০১৯ বর্ষৰ বাবে ৰঞ্জুমণি শইকীয়া, অবিনাশ শর্মা আৰু প্রাঞ্জল শইকীয়াই এই সন্মান লাভ কৰিছে৷ আনহাতে, ২০২১ বর্ষৰ বাবে প্রসন্ন গগৈ আৰু গুণীন্দ্র নাথ ওজাক সন্মান প্রদান কৰা হৈছে৷ এই বঁটাৰ অংশ হিচাপে আটাইকেইগৰাকী ব্যক্তিকে একাডেমীয়ে তাম্র পাত্র আৰু অংগবস্ত্রৰ লগতে এক লাখ টকা প্রদান কৰা হ’ব৷ সংগীত নাটক একাডেমী পুৰস্কাৰসমূহ দেশৰ ৰাষ্ট্রপতিয়ে এক বিশেষ অনুষ্ঠানৰ জৰিয়তে প্রদান কৰিব৷ সমান্তৰালভাৱে অসমৰ কেইবাগৰাকীও শিল্পীয়ে ২০১৯, ২০২০ আৰু ২০২১ বর্ষৰ বাবে ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰেৰে সন্মানিত হৈ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে৷ এই তিনিওটা বর্ষৰ বাবে অসমৰ পৰা সত্রীয়া নৃত্যত প্রভাত কাকতি, হিন্দুস্তানী বাদ্যযন্ত্র ভায়োলিনত মানস কুমাৰ চমুৱা, নাট পৰিচালনাত হিমাংশু শর্মা, সত্রীয়া নৃত্যত জলীমণি শইকীয়া, দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাই ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰেৰে সন্মানিত হৈছে৷ ২০১৯ বর্ষৰ বাবে প্রভাত কাকতি, ২০২০ বর্ষৰ বাবে মানস কুমাৰ চমুৱা, জলীমণি শইকীয়া, হিমাংশু শর্মা আৰু ২০২১ বর্ষৰ বাবে দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাই এই বঁটা লাভ কৰিছে৷ ২০০৬ চনৰ পৰা ৪০ বছৰ অনূর্ধ্বৰ শিল্পীসকলক বিছমিল্লাহ খান যুৱ পুৰস্কাৰ প্রদান কৰি অহা হৈছে৷ বিভিন্ন ক্ষেত্রলৈ নিজৰ কর্মৰাজিৰে অৱদান আগবঢ়োৱা যুৱ প্রতিভাসকলক স্বীকৃতি প্রদানৰ লগতে অনুপ্রাণিত কৰাৰ লক্ষ্যৰে এই যুৱ পুৰস্কাৰ প্রদান কৰি অহা হৈছে৷ যুৱ পুৰস্কাৰৰ অংশ হিচাপে আটাইকেইগৰাকীয়ে ২৫ হাজাৰ টকাকৈ লাভ কৰিব৷ সংগীত নাটক একাডেমীৰ অধ্যক্ষই বিশেষ অনুষ্ঠানৰ জৰিয়তে এই বঁটাসমূহ প্রদান কৰিব৷

You might also like