নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দমকল মধ্য ইংৰাজী বিদ্যালয়ত সুৰভী কানন পুষ্প উদ্যান উদ্বোধন

গছপুলি ৰোপণ ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত দমকল মধ্য ইংৰাজী বিদ্যালয়ত কালি কেবাটাও কাৰ্য্যসূচী হাতত লৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ দুপৰীয়া ১২-৩০ বজাত দমকল মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰি দমকল মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা সুৰভী কানন পুষ্প উদ্যানৰ লগতে দমকল মধ্য ইংৰাজী বিদ্যালয়ত নিৰ্মাণ কৰি উলিওৱা চাইন্স কৰ্ণাৰ, মেথ কৰ্ণাৰ আৰু লাৰ্নিং কৰ্ণাৰ উদ্বোধন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে।

দ্বিতীয় কাৰ্য্যসূচী অনুসৰি বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা শাকনি বাৰীখন উদ্ধোধন কৰে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিভাগৰ মধ্যাহ্ন ভোজনৰ গাণণিক পম্পা দেৱনাথে। উদ্ধোধনী অনুষ্ঠানৰ পাছতেই এখন সভা অনুষ্ঠিত কৰা হয়। শিক্ষক পলাশ বৰুৱাই আঁতধৰা সভাত ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই কয় মনৰ দৃঢ়তা থাকিলে সকলো কামেই সম্ভৱ কৰি তুলিব পাৰি বুলি উল্লেখ কৰি বানপীড়িত এলেকাত অৱস্থিত দমকল মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সকলে বিদ্যালয়খনৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা পদক্ষেপৰ শলাগ লৈ দমকল মধ্য ইংৰাজী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰিব বুলি বক্তব্য দাঙি ধৰি কৰ্মৰ জৰিয়তেহে সকলো সফলকাম হ’ব পাৰি বুলিও ভাষনত শিক্ষা বিষয়াগৰাকীয়ে কয়। সভাত মাজুলী জিলাৰ সমগ্ৰ শিক্ষাৰ আঁচনি বিষয়া পঙ্কজ বৰা, ধেমাজি জিলাৰ সমগ্ৰ শিক্ষাৰ আঁচনি বিষয়া পঞ্জাৱ দলে,ধেমাজি জিলাৰ শিক্ষা বিভাগৰ এফ এ অ মনোজ লাংচং, ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিভাগৰ গাণণিক জিতু দত্ত, মূৰ্কংচেলেক শিক্ষা খণ্ডৰ এমআইএছ মানস ফুকন,দমকল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ললিত বড়ো আৰু চিআৰচিচি সকল উপস্থিত থাকে।

You might also like