নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত ব্যতিক্ৰমী লক্ষ্মীপূজাঃ অসমীয়া সাজপাৰেৰে আটকধুনীয়াকৈ সজোৱা হ’ল লক্ষ্মী দেৱীক

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  আজি লক্ষ্মী পূজা । ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী দেৱীক পূজনৰ বাবে ব্যাপক প্ৰস্তুতি। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে ৰাজ্যৰ সৰ্বত্ৰে। ইয়াৰ ব্যতিক্ৰম নহয় নাৰায়ণপুৰৰ একাংশ পূজা মণ্ডপো।

ধন ঐশ্বৰ্য সুখ-শান্তি দায়িনী দেৱীগৰাকীৰ পূজা অৰ্চনাৰ বাবে উচাহৰ ধল দেখা পোৱা গৈছে নাৰায়ণপুৰৰ সমগ্ৰ অঞ্চলৰ ৰাইজৰ মাজত। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰি আঞ্চলিক যুৱসংঘৰ উদ্যোগত আমগুৰিত আয়োজন কৰিছে ৰূপালী জয়ন্তীবৰ্ষ গৰকা লক্ষ্মী পূজাভাগ।

এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে পূজা। এইবাৰ লক্ষ্মীদেৱীক অসমীয়া সাজপাৰেৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে। পূজা উদযাপন সমিতিৰ সভাপতি ঘণকান্ত গোহাঁই আৰু যুটীয়া সম্পাদক জ্যোতি হাজৰিকা, কৃষ্ণ শৰ্মাই জনোৱা অনুসৰি পুৱা সাত বজাত পৰিৱেশ নিকাকৰণ, আঠ বজাত স্থানীয় যুৱক সকলে গছপুলি ৰোপন কৰে, চাৰে আঠ বজাত প্ৰতিমা স্থাপন, দহ বজাত সাহিত্য অনুষ্ঠানৰ পিছতে আঢ়ৈ বজাত স্থানীয় আইসকলৰ দ্বাৰা আৰতী গোৱাৰ লগতে সন্ধ্যা ৫ বজাত মূল পূজা ভাগ আৰম্ভ কৰে।

ইয়াৰোপৰি সন্ধ্যা চাৰে ছয় বজাত সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিব বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই।

Input: চন্দন শইকীয়া, ভোগপুৰ

You might also like