নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পৰ্ধা! জো বাইডেনক অভিহিত কৰিলে গজনি বাইডেন…

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ আমেৰিকাৰ নিৰ্বাচন আৰু কংগনা ৰানাৱট- বিষয়টোৰ তেনে বিশেষ কোনো সম্পৰ্ক নাই যদিও ব্যক্তিগত দৃষ্টিকোণ আছে। এনে দৃষ্টিকোণৰ পৰাই হয়তো বলীউডৰ বিতৰ্কিত অভিনেত্ৰী কংগনা ৰানৱাটে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনক লৈ মন্তব্য দিলে।

শিৱসেনাৰ ৰোষত পৰা অভিনেত্ৰী কংগনাই জো বাইডেনক গজনি বাইডেন বুলি উল্লেখ কৰে। এটা টুইটত তেওঁ কয় যে ৫ মিনিটত তথ্য বিভ্ৰান্তিত ভোগা গজনি বাইডেনক লৈ কোনো নিশ্চয়তা দিব পৰা নাযায় যদিও কমলা হেৰিছে সম্পূৰ্ণতা অৰ্জন কৰিব।

কমলা হেৰিছ এগৰাকী নাৰী হিচাপে আন নাৰীৰ প্ৰগতিৰ পথো তেওঁ খুলি ৰাখিব বুলি উল্লেখ কৰে। কিন্তু বাইডেনক গজনি বাইডেন বুলি উল্লেখ কৰি কমলা হেৰিছক প্ৰশংসা কৰা কংগনাই জো বাইডেন জয়ী হোৱাটোত সিমান সুখী নহয় বুলি ছোচিয়েল মিডিয়াত চৰ্চা হৈছে। তথাপি ৰানাৱটে হিন্দী ছবি গজনিৰে জো বাইডেনক নামকৰণ কৰি নিজৰ বিতৰ্কিত ধাৰা অব্যাহত ৰাখিলে।

You might also like