নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত হাঁহ–কুকুৰাৰ ফার্মেৰে স্বাৱলম্বী শিক্ষিত যুৱক

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ সাম্প্রতিক সময়ত ৰাজ্যত বহু শিক্ষিত যুৱক–যুৱতীয়ে চাকৰিৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে ৷ কিন্তু ইয়াৰ বিপৰীতে এচাম কর্মোদ্যমী যুৱক–যুৱতীয়ে স্বাৱলম্বিতাৰে সংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছে ৷ তেনে এজন শিক্ষিত যুৱক হৈছে ৰঙিয়াৰ চিৰাখুন্দিৰ জেহেৰুল ইছলাম ৷ জেহেৰুলে স্নাতক ডিগ্রী লাভ কৰাৰ পিছত চৰকাৰী চাকৰিৰ বাবে বহুবাৰ চেষ্টা কৰিলে ৷ কিন্তু এবাৰো তেওঁ চাকৰি পাবলৈ সক্ষম নহ’ল ৷ ইয়াৰ পিছতো জীৱন যুদ্ধত হাৰ নমনা জেহেৰুলে নিজাববীয়াকৈ আৰম্ভ কৰিলে লোকেল হাঁহ–কুকুৰা আৰু কণীৰ ফার্ম৷

প্রায় এবছৰ আগতে ১ লাখ টকা মূলধন হিচাপে লৈ তেওঁ এই ফার্মখন আৰম্ভ কৰে৷ বজাৰত যথেষ্ট চাহিদা থকা লোকেল হাঁহ–কুকুৰাৰ লগতে কণী আৰু পোৱালি উৎপাদনৰ লাভজনক ব্যৱসায়ৰ জৰিয়তে তেওঁ অতি কম সময়ৰ ভিতৰতে সংস্থাপিত সক্ষম হয়৷ এনেদৰে তেওঁ বছৰেকত ২ লাখৰ পৰা তিনি লাখ টকা পর্যন্ত উপার্জন কৰি আহিছে৷ জেহেৰুলে নিজৰ লগতে আন দহজনকো এনে ফার্ম খোলাৰ ব্যৱস্থা কৰি সংস্থাপনৰ বাট দেখুৱাইছে৷ উচ্চ শিক্ষিত পুত্রৰ এনে কর্মসংস্থাপনত পিতৃ–মাতৃয়ে গৌৰৱ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে৷

You might also like