নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ সেনৰ দেহাৱসান

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক তথা জিলাখনৰ আগমনি প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ সেন (টেক্সি)ৰ দেহাৱসান ঘটিছে। আজি ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

দীৰ্ঘদিন ধৰি সাংবাদিকতা ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা প্ৰদীপ সেন ধুবুৰী জিলাৰ সংবাদ জগতত এক সুপৰিচিত নাম আছিল। আগমনি প্ৰেছ ক্লাবৰ সভাপতি হিচাপে তেওঁ বিভিন্ন সময়ত সংবাদ মাধ্যমৰ উন্নয়ন আৰু সাংবাদিকসকলৰ কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁৰ দেহাৱসানৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ধুবুৰী জিলাত শোকৰ ছাঁ নামি আহিছে। বিভিন্ন মহলৰ লোকে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

ডিজিটেল ডেস্ক, ১১ এপ্ৰিল

You might also like