নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰদীয় দুর্গাপূজা আৰু ক’ভিড–১৯

-ডাঃ ৰুবী কটকী

শাৰদীয় দুর্গাপূজা দুর্গোৎসৱৰ পূজা পূজা লগা এটি নির্মল নিকা পৱিত্র ভাব সর্বত্র বিয়পি পৰিছে৷ সম্ভাৱনাপূর্ণ ঋতু শৰতে ধৰালৈ কঢ়িয়াই আনিছে এটি স্থিৰ, সুস্থিৰ বাতাৱৰণ৷ দোকমোকালিতে তল ভৰি সৰি থকা নিয়ৰসিক্ত শেৱালিয়ে চৌপাশে সৌৰভ বিলাইছে৷ মন মতলীয়া কৰা শেৱালিৰ সৌৰভ৷ কিন্তু মন–প্রাণ ভোলোৱা শেৱালিৰ সুবাসে এইবাৰ অসমবাসীৰ মনত আৱেশৰ লহৰ তুলিব পৰা নাই৷ কাৰণ সকলোৰে জ্ঞাত, ক’ভিড–১৯ অতিমাৰী৷ চাওঁতে চাওঁতে প্রায় দহ মাহেই হৈ গ’ল ক’ৰোনা ভাইৰাছ আৰু ইয়াৰ ভয়াৱহতাৰ বিষয়ে বিশ্ববাসী অৱগত হোৱাৰ৷ বিগত সময়ছোৱাত সমগ্র বিশ্বকে কঁপাই তুলিলে এই মাৰাত্মক ক’ৰোনা ভাইৰাছে৷ কিমানৰ অকালতে জীৱন নাটৰ সামৰণি পৰিল, কিমান পৰিয়ালৰ প্রিয়জনক, আপোনজনক চিৰদিনৰ বাবে আঁতৰাই লৈ গ’ল, কিমানৰ বুকু শুদা হ’ল, কিমান ঘৰ দিশহাৰা হ’ল তাৰ কোনো হিচাপ নাই৷ তাৰ লগতে তল–ওপৰ হৈ গ’ল সমগ্র বিশ্বৰ সামাজিক আৰু অর্থনৈতিক জীৱন৷ ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈ উদ্ভৱ হোৱা ক’ভিড–১৯ ৰোগে আমাক বহুত কথা শিকালে, অনুভৱ কৰালে৷ মানুহৰ জীৱনৰ মূল্য কি সেয়া প্রতিজন ব্যক্তিয়ে মর্মে মর্মে উপলব্ধি কৰিলে৷ মুঠতে এটি অকণমানি, খালী চকুৰে মনিব নোৱাৰা ভাইৰাছে জীৱশ্রেষ্ঠ মানৱক সকলো দিশৰে পৰা কাবু কৰি ‘শ্রেষ্ঠ’ বোলা অহংকাৰ মষিমূৰ কৰি পেলালে৷
পাৰ হৈ যোৱা সময়ছোৱাত আমি ক’ৰোনা ভাইৰাছৰ বিষয়ে বহুত কথা জানিলোঁ আৰু তথ্য লাভ কৰিলোঁ৷ প্রথম অৱস্থাত আমি জানিছিলো যে ই এবিধ সংক্রামক ভাইৰাছ আৰু শৰীৰত প্রৱেশ কৰি সংক্রমণ ঘটোৱাৰ পাছত জ্বৰ, চর্দি, কাহ, গাৰ বিষ আৰু উশাহ–নিশাহৰ সমস্যা আদি লক্ষণেৰে বহিঃপ্রকাশ ঘটায়৷ কিন্তু দিন যোৱাৰ লগে লগে ভুক্তভোগী ব্যক্তিগত অভিজ্ঞতা আৰু উচ্চস্তৰীয় গৱেষণা আৰু লেবৰেটৰী পৰীক্ষা–নিৰীক্ষাৰ পৰা ভাইৰাছবিধৰ বিষয়ে নিতৌ নতুন নতুন সূত্র আৱিষ্কাৰ হৈ আহিছে৷ বর্তমান এই ভাইৰাছবিধক ৰহস্যময়ী ভাইৰাছ হিচাপে আখ্যা দিয়া হৈছে৷ তদুপৰি এই ভাইৰাছবিধ সংক্রামক হোৱাৰ উপৰি প্রদাহ সৃষ্টিকাৰী ভাইৰাছ হিচাপে বর্তমান চিহ্ণিত কৰি শ্রেণীভুক্ত কৰা হৈছে৷ ফলত নিতৌ ন ন লক্ষণ আৰু অসুবিধাবোৰৰ বিষয়ে আমি জানিব পাৰিছোঁ৷ তদুপৰি চিন্তনীয় বিষয় হৈ পৰিছে যে দিন বাঢ়ি যোৱাৰ লগে লগে এই ৰোগত আক্রান্ত ৰোগীৰ মৃত্যুৰ সংখ্যাও বাঢ়িবলৈ আৰম্ভ কৰিছে, লগতে এই ৰোগত ভোগা ৰোগীৰ পার্শ্ব প্রতিক্রিয়া যথেষ্ট হাৰত বৃদ্ধি পাইছে আৰু পৰৱর্তী কালত ক’ভিডোত্তৰ সময়ত ৰোগীৰ সাধাৰণ স্বাস্থ্যত জটিলতা আহি পৰিছে৷
যদিও বর্তমান সময়ত ক’ভিড–১৯ ৰোগৰ পৰীক্ষাৰ নমুনা আৰু আক্রান্ত ৰোগীৰ সংখ্যা পৰিসংখ্যাৰ হিচাপেৰে আগতকৈ কমিছে বুলি ঠাৱৰ কৰা হৈছে, তথাপি চিকিৎসাৰত ব্যক্তিসকলৰ লগতে প্রশাসনৰ তৰফৰ পৰাও তথ্যৰ ভিত্তিত আশংকা কৰিছে যে দুর্গাপূজাৰ ঠিক পাছে পাছে এই ৰোগটো অসমত পুনৰ গা কৰি উঠিব পাৰে৷ তদুপৰি বিশ্ব স্বাস্থ্য সংস্থা আৰু অক্সফ’ডৰ ভেকচিন বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে অহা জুলাই মাহলৈকে অর্থাৎ জহ বা গ্রীষ্ম কাললৈকে এই ৰোগৰ সন্ত্রাস পৃথিৱীত থাকিব আৰু জুলাই–আগষ্ট মাহৰ আগলৈকে পৃথিৱীলৈ সাধাৰণ জীৱন ঘূৰি নাহে৷ আৱিষৃকত হোৱা ভেকচিনৰ প্রয়োগে মানৱ শৰীৰত কেনেধৰণৰ ক্রিয়া–প্রতিক্রিয়া কৰে তাৰ পৰীক্ষামূলক অধ্যয়ন কৰিবলৈ কিছু সময় লাগিব আৰু তেতিয়ালৈকে ক’ভিড–১৯ক নিয়ন্ত্রণ কৰি ৰাখিবলৈ ক’ভিড–১৯ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ মানি চলিব লগা নিয়মাৱলী গুৰুত্ব সহকাৰে পালন কৰিব লাগিব৷ পৰাপক্ষত মানুহৰ ভিৰ বা সমাগম হোৱা ৰাজহুৱা স্থান পৰিত্যাগ কৰক৷ সামাজিক দূৰত্ব মানি চলক, সঘনাই হাত দুখন ধুই থাকক আৰু সকলোতকৈ গুৰুত্বপূর্ণ কথা ফেচ মাস্ক ব্যৱহাৰ কৰক৷
এইখিনি নিয়মাৱলী অসমৰ ৰাইজে ইতিমধ্যে বিগত দহ মাহে মানি আহিছে কেৱল অনুৰোধ, দায়িত্বত থকা বিভাগীয় কর্তৃপক্ষ আৰু প্রশাসনৰ পৰা সেউজ সংকেত নোপোৱালৈকে, কাৰোবাৰ প্রৰোচনাত এই সৰু সৰু একো ক্ষতি নোহোৱা নিয়মাৱলী পালন নকৰাকৈ নাথাকিব৷
সকলোলৈকে পুনৰ শাৰদীয় শুভেচ্ছা জনালো৷ এখন ক’ভিডমুক্ত সমাজৰ কামনাৰে৷

You might also like