নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ উদযাপন সমিতি গঠন

নিয়মীয়া বাৰ্তা,২১মে’-ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ইতিহাসপ্ৰসিদ্ধ হাৰ্হি অঞ্চলৰ গোবিন্দপুৰত ১৯৯৮ চনতে প্ৰতিষ্ঠা হৈছিল ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়। বিগত ২৫ বছৰীয়া গৌৰৱোজ্জ্বল বৰ্ণিল বিদ্যায়তনিক পৰিক্ৰমাত বৌদ্ধিক আৰু শৈক্ষিক উত্তৰনেৰে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী উদযাপনৰ হেতু দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত।মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক তথা শিক্ষাবিদ পৃথু বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ ড° মানসজ্যোতি নেওগে।বিশিষ্ট নাগৰিক হেম বৰুৱা,দুলাল দত্ত,বিদ্যা দত্ত,মিঠাৰাম চেতিয়া, বলোৰাম দত্ত,আনন্দ বৰা,ক্ষীৰুদ শইকীয়া,জয়চন্দ্ৰ হাজৰিকা,তীৰ্থ হাজৰিকা,বিজয় কৃষ্ণ কোঁচ শিক্ষানুৰাগী ৰাইজ, মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক অধ্যাপক-অধ্যাপিকা,কৰ্মচাৰী,প্ৰাক্তন ছাত্ৰ উপস্থিত থকা সভাত সৰ্বসন্মতি ক্ৰমে চলিত বৰ্ষৰ ৯,১০ আৰু১১ নৱেম্বৰত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ দিন স্থিৰ কৰি এই সভাতে এখন উদযাপন সমিতি গঠনৰ পোষকতা কৰা হয় । সভাত ৰূপালী জয়ন্তীৰ সফল উদযাপনৰ লক্ষ্যৰে এখন উদযাপন সমিতি আৰু ২০খন উপ-সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰানোজ পেগুক সভাপতি,ক্ষীৰুদ শইকীয়াক কাৰ্যকৰী সভাপতি, জিতেন ভৰালী,অৰুণজ্যোতি চুতীয়াক উপ-সভাপতি,মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগক সম্পাদক, সহকাৰী সম্পাদক হিচাবে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° দ্বীপ দত্ত আৰু ৰাজেশ চেতিয়া,বিত্ত সম্পাদক হিচাবে মহাবিদ্যালয়ৰ প্ৰৱক্তা মানৱজ্যোতি হাজৰিকা,প্ৰচাৰ সম্পাদক হিচাবে পুলকজ্যোতি বৰা,কাৰ্য্যালয় সম্পাদক হিচাবে মহাবিদ্যালয়ৰ অধ্যাপক শৰৎ চুতীয়া আদিক লৈ এখন ৫১জনীয়া শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। তাৰোপৰি স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি হিচাবে শিক্ষাবিদ পৃথু বৰা সম্পাদক হিচাবে লেখক জিতু কুমাৰ চমুৱাৰ নাম সৰ্বসন্মতভাবে মনোনীত কৰা হয় ।

সভাত উপস্থিত শিক্ষানুৰাগী ৰাইজৰ সহমতৰ ভিত্তিত আদৰণি উপ-সমিতি খাদ্য উপ-সমিতি, সাংস্কৃতিক উপ-সমিতি, সাংস্কৃতিক শোভাযাত্ৰা উপ-সমিতি, বিত্ত সমিতি উপ-সমিতি , মঞ্চ,মণ্ডপ পোহৰ তোৰণ উপ-সমিতি, স্বেচ্ছাসেৱক উপ-সমিতি, প্ৰাক্তন প্ৰশিক্ষাৰ্থী সন্মিলনী উপ-সমিতি ,প্ৰচাৰ আৰু যোগাযোগ উপ-সমিতি ,ব্যৱস্থাপনা উপ-সমিতি গঠন কৰি পৰৱৰ্তী সময়ত উদযাপন সমিতিৰ বৈঠকত অন্যান্য পদত বিশিষ্ট ব্যক্তি সকলক অধিস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like