নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ জেকেটক লৈ হৈছে বিশেষ চৰ্চা?

নিয়মীয়া বাৰ্তা, ২১ মে’: জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ বিশেষ আমন্ত্ৰণত জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে হিৰোচিমাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ছোৱাত তেওঁৰ বহু ছবি আৰু ভিডিঅ’ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ জেকেটটো চৰ্চাৰ বিষয় হৈ পৰিছে। এই সন্দৰ্ভত তেওঁ জি-৭ৰ মঞ্চৰ পৰা বিশেষ বাৰ্তা দিছে।

আচলতে প্ৰধানমন্ত্ৰী মোদীয়ে পিন্ধিছিল পুনঃব্যৱহৃত সামগ্ৰীৰে নিৰ্মিত জেকেট। এই জেকেটটো প্লাষ্টিক ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। ব্যৱহৃত বটলবোৰ সংগ্ৰহ কৰি তাক গলাই প্ৰধানমন্ত্ৰীৰ জেকেট তৈয়াৰ কৰা হৈছিল। ইয়াৰ পিছত তাত ৰং মিহলাই সূতা তৈয়াৰ কৰা হৈছিল। এইদৰে পুৰণি সামগ্ৰী পুনঃব্যৱহাৰ কৰি এই বিশেষ জেকেটটো তৈয়াৰ কৰা হৈছিল।

বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তাঃ

একে সময়তে ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে একেধৰণৰ পাতল নীলা জেকেট পিন্ধি লোকসভাত উপস্থিত হৈছিল। সেই জেকেটটো প্লাষ্টিকৰ বটল পুনঃব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল। হিৰোছিমাত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বহু সংকট দূৰ কৰিবলৈ একেলগে কাম কৰাত গুৰুত্ব আৰোপ কৰে। সন্মিলনৰ বিশেষ অধিবেশনত তেওঁ বিশ্ববাসীক প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ বাৰ্তা প্ৰদান কৰে। একে সময়তে তেওঁ উন্নয়ন আৰ্হিৰ সামগ্ৰিক ব্যৱহাৰ সলনি কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনাইছিল।

You might also like