নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰী নিচামুক্তি কেন্দ্ৰত ড্ৰাগছ বিৰোধী সজাগতা সভা

নিয়মীয়া বাৰ্তা ২১ মে’: আজি মৈৰাবাৰীত অৱস্থিত নিচামুক্তি কেন্দ্ৰত এখনি ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈ যায়। বৃহত্তৰ মৈৰাবাৰী অঞ্চলটোৰ পৰা ড্ৰাগছ নিৰ্মূলৰ উদ্দেশ্যে ইতিমধ্যে জিলা প্ৰশাসনে মৈৰাবাৰী অঞ্চলটোক স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত কৰি নশামুক্ত ভাৰত অভিযানৰ অধীনত মৈৰাবাৰী থানা এলেকাত পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰিছে। পাইলট প্ৰজেক্টৰ আৰম্ভণিতে ইতিমধ্যে মৈৰাবাৰী অঞ্চলৰ কেইবাখনো স্কুল কলেজৰ লগতে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবোৰত জিলা প্ৰশাসনে পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰিবলৈ সজাগতা সভা অনুষ্ঠিত কৰিছে।আজি উক্ত নিচামুক্তি কেন্দ্ৰত নিচামুক্ত হবলৈ ভৰ্তি হোৱা যুৱক সকলক সজাগতা সভাৰ জৰিয়তে পুনৰ সভ্য সমাজলৈ ঘূৰাই আনিবলৈ তথা মৈৰাবাৰী অঞ্চলৰ অলিয়ে গলীয়ে ড্ৰাগছ আসক্ত যুৱক সকলক ৰিহাব চেন্টাৰৰ জৰিয়তে ঘূৰাই অনাৰ উদ্দেশ্যে উক্ত নিচামুক্তি কেন্দ্ৰত সজাগতা সভাখন অনুষ্ঠিত কৰা হয়। সজাগতা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পৰ্যায়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাস,ভাৰত স্কাউড এণ্ড গাইডৰ হৈ অজাহাৰ উদ্দিন আৰু কমৰুজ জামান। সজাগতা সভাখনত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকি ভাষন প্ৰদান কৰে।

প্ৰেৰক: তাৰিকুল ইছলাম

You might also like