নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত সাত কাৰ্টুন বিষ্ফোৰক সামগ্ৰী উদ্ধাৰ; নগা মহিলাসহ আটক দুই

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত কালি বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই সমগ্র জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে কালি পুৱা গুৱাহাটীৰ আই এছ বি টি ৰ পৰা অহা এখন নৈশ বাছে ওপৰত কিতাপৰ টোপোলা বুলি লিখা থকা সাতটা বৃহৎ বৃহৎ কাৰ্টুন আনি সোণাৰি আৰক্ষী থানাৰ সন্মুখতে থকা বাছৰ কাউন্টাৰত সমুহ নমাই ৰাখে। পাছত দুপৰীয়া প্ৰায় এঘাৰ বজাত নাগালেণ্ডৰ নামচাৰ ভেৰি মিজো (৩৬) নামৰ এগৰাকী নগা মহিলাই এখন অটোত আহি কাউন্টাৰত উপস্থিত হৈ কাৰ্টুন সমূহ তেওঁৰ বুলি কৈ লৈ যায় । কাৰ্টুনকেইটা অটোখনত তুলি নাগালেণ্ড অভিমুখে লৈ গৈ থকা অৱস্থাত অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা আৰক্ষী থানাৰ সন্মুখত বহা নিয়মিত তালাচিত আৰক্ষীয়ে কাৰ্টুনসমূহ খুলি তালাচি চলাবলৈ লোৱা সময়ত অটোৰ পৰা নগা মহিলা গৰাকীয়ে কাৰ্টুন কেইটাত কিতাপ থকা আৰক্ষীৰ দলটোক পতিয়ান নিয়াব বিচাৰে যদিও আৰক্ষীৰ দলটোৱে কাৰ্টুনসমূহ বলপূৰ্বক চাব বিচৰাত নগা মহিলা গৰাকীয়ে ধনৰ টোপোলা দিব বিচাৰে । তেতিয়াই আৰক্ষীৰ সন্দেহ অধিক হোৱাত কাৰ্টুন খুলি চোৱাত কাৰ্টুনসমূহত বৃহৎ পৰিমাণৰ বিস্ফোৰক প্ৰতক্ষ্য কৰে । লগে লগে আৰক্ষীয়ে নগা মহিলা গৰাকীৰ লগতে আটো চালক আদাম তাঁতীক আটক কৰে ।

সোণাৰিৰ পৰা দীপাংকৰ পাল।

You might also like