নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদুলি-মুদুলি ঢকুৱাখনাৰ কপহুৱা বিদ্যালয়; স্মৃতি ৰোমন্থনেৰে নষ্টালজিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ: ব্ৰিটিছৰ আমোলতে স্থাপন হোৱা ঢকুৱাখনা মহকুমাৰ ৩১নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱোজ্বল ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহৰ দ্বিতীয় দিনা আজি উদুলি মুদুলি হৈ পৰে বিদ্যালয়খনৰ চৌহদ৷ কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ পুৱা ৮বজাৰ পৰা অনুষ্ঠিত হয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে।ছাত্ৰ-ছাত্ৰীৰ গীত-নৃত্যৰে মুখৰিত হৈ পৰা অনুষ্ঠানটি সঞ্চালনা কৰে ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী অমৰী সিংহই।ইয়াৰ পিচতেই এক উদুলি-মুদুলি পৰিৱেশত ডেৰশ বছৰীয়া জয়ন্তীৰ উপলক্ষে অলকেশ বৰাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ “উন্মীলন” উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা লেখক ডিম্বেশ্বৰ গগৈয়ে।বিদ্যালয়ৰ সহকাৰী শিক্ষক ভাস্কৰ দাসে আঁতধৰা উন্মোচনী সভাত স্মৃতিগ্ৰন্থৰ প্ৰকাশক পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড° ঠানুৰাম মজিন্দাৰ,বিশিষ্ট শিক্ষাবিদ ছবিলাল জৈন,ঢকুৱাখনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়া,ডুমডুমা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা অঞ্জু কোঁৱৰ মজিন্দাৰকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।ইয়াৰ আগতে শিক্ষাবিদ পূৰ্ণানন্দ মজিন্দাৰ সোঁৱৰণীত ডেৰশ বছৰীয়া জয়ন্তীৰ স্মাৰক সৌধৰ শিলান্যাস কৰে বিশিষ্ট শিক্ষাবিদ-লেখক সৰ্বেশ্বৰ সূত বৰুৱাই।দুপৰীয়ালৈ অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান।বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ যতীন বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তি ক্ৰমে ড° ঠানুৰাম মজিন্দাৰ,ড° ৰঞ্জিত মজিন্দাৰ, মিনামনী দেৱী,ৰেণুমণি দেৱী,মালবিকা ভাগৱতী,সেৱক চন্দ্ৰ চুতীয়া, ভোগৰাম কোচ,ঘন কোচ,নন্দ বৰা,চেনিৰাম শইকীয়া,ৰঞ্জীত বৰঠাকুৰৰ লগতে বহুকেইজন প্ৰাক্তন ছাত্ৰীয়ে অংশগ্ৰহণ কৰি এৰি অহা দিনৰ মধুৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমাৰ বিষয়ে উল্লেখ কৰি আৱেগিক হৈ পৰে।গীত-মাত-কবিতাৰে জীপাল হৈ পৰা অনুষ্ঠানতে বিদ্যালয়ৰ পৰিয়ালৰ পৰা প্ৰাক্তন-ছাত্রীসকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।বিয়লিলৈ  “চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি চৰকাৰ আৰু সমাজৰ দায়িত্ব আৰু কৰ্তব্য” শীৰ্ষক অন্তিমখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ঠানুৰাম মজিন্দাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ, শিক্ষাবিদ হেম বৰুৱা আৰু হাৰ্হি মহাবিদ্যালয়ৰ সহকাৰী অধ্যপিকা প্ৰতিমা চেতিয়াই আলোচক হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।কাইলৈ অৰ্থাৎ ১২ নৱেম্বৰত পুৱা  ৯বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব শোণিতপুৰ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে।ইয়াৰ পিছতেই দুপৰীয়া ১২বজাত  অনুষ্ঠিত হ’ব মূল সভা।মুকলি সভা উদ্বোধন কৰিব হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে।মুকলি সভাত বিশিষ্ট কবি,চিকিৎসক ডাঃ নিৰ্মল চাহেৱালা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক ড° পংকজ বৰঠাকুৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া মুকলি সভাখনত বিশিষ্ট আৰু আমন্ত্ৰিত অতিথি হিচাপে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি,শিক্ষাবিদে অংশগ্ৰহণ কৰিব।

প্ৰেৰক: পুলকজ্যোতি বৰা

You might also like