নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত পথৰ পুথিভঁৰাল স্থাপনেৰে কেইজনমান যুৱকৰ প্ৰশংসনীয় প্ৰদক্ষেপ

গঢ়ি তুলিছে গ্ৰন্থ অধ্যয়নৰ বিশেষ নীৰৱ বিপ্লৱ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ:  গ্ৰন্থ বিমুখিতাৰ সময়ত ঢকুৱাখনাত আৰম্ভ হৈছে গ্ৰন্থ অধ্যয়নৰ এক বিশেষ নীৰৱ বিপ্লৱ।ম’বাইলত গেম খেলি ব্যস্ত হৈ থকা আজিৰ শিশুক বিদ্যালয়ৰ পাঠ্য-পুথিৰ উপৰিও গল্প,উপন্যাস, সাধুকথা পুথিৰ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছে পদপথৰ এটি বিশেষ পুথিভঁৰালে।কিতাপ ভালপোৱা কেইজনমান যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা পথৰ পুথিভঁৰালটোৱে বাটৰুৱাৰ অৱসাদ দূৰ কৰাৰ লগতে দিছে কিতাপ পঢ়াৰ সুখ । উল্লেখ্য যে ২০২০ বৰ্ষত কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত ঢকুৱাখনাৰ মদাৰগুৰিত স্থাপন কৰা হৈছিল ‘জ্ঞানম’ নামৰ এইটো পথ পুথিভঁৰাল।গ্ৰামাঞ্চলৰ শিশু তথা কিশোৰ-কিশোৰী সকলক গ্ৰন্থ অধ্যয়নৰ মাজেৰে সুস্থ-সবল এখন সমাজ গঢ়াৰ লক্ষ্যৰে পথৰ কাষত স্থাপন কৰা হৈছিল ‘জ্ঞানম’ নামৰ এইটো ব্যতিক্ৰমী পুথিভঁৰাল।বিগত দুটা বছৰে পুথিভঁৰালটোৰ জৰিড়তে চলি আছে গ্ৰন্থ আন্দোলনৰ এক বিশেষ নীৰৱ বিপ্লৱ। গ্ৰামাঞ্চলৰ শিশু-কিশোৰ-কিশোৰীৰ বাবে আছে বিভিন্ন বিষয়ৰ গ্ৰন্থ।শিশু গ্ৰন্থৰ পৰা উপন্যাসলৈ,সাধুকথাৰ পুথিৰ পৰা দৈনিক বাতৰি কাকতলৈ।কিতাপ পঢ়ি ভালপোৱা বহুত ছাত্ৰ-ছাত্ৰীক আকৃষ্ট কৰিছে পথৰ এই পুথিভঁৰালটোৱে। ম’বাইলত গেম খেলি ব্যস্ত হৈ থকা আজিৰ শিশুক বিদ্যালয়ৰ পাঠ্য-পুথিৰ উপৰিও গল্প,উপন্যাস, সাধুকথা পুথিৰ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছে পথৰ এই বিশেষ পুথিভঁৰালটোৱে।পুথিভঁৰালটোলৈ গ্ৰন্থ অধ্যয়নৰ বাবে নিয়মিত আগমন ঘটে অঞ্চলটোৰ অজস্ৰ শিশু,কিশোৰ-কিশোৰীৰ পৰা বৃদ্ধলৈ।জ্ঞানৰ সঁফুৰা লৈ সকলো উভতে এইটো ব্যতিক্ৰমী পুথিভঁৰালৰ পৰা।অঞ্চলটোত ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা পথৰ পুথিভঁৰালটোলৈ এতিয়া বাঢ়িছে ৰাইজৰো সহযোগিতা।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like