নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনঃ আজমলক ৰুধিবলৈ ধুবুৰীলৈ ৰকিবুল! সংবাদ মেলত মীৰা বৰঠাকুৰৰ ইংগিত

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ আজি ধুবুৰীত এখন সংবাদ মেলত ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ এক মন্তব্যই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে ধুবুৰী লোকসভা সমষ্টিত ৰ’কিবুল হুছেইনক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ এক ইংগিত নেকি বুলি জন্ম দিছে এক প্ৰশ্নৰ। উল্লেখ্যে যে, আজি দুপৰীয়াৰ ফালে ধুবুৰীস্থ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেল সম্বোধন কৰিছিল ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে। সংবাদ মেলখনত সাংবাদিকে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীত কংগ্ৰেছেৰ সম্ভাব্য প্ৰাৰ্থী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰৰূপে তেওঁ দিয়ে এক বিশেষ ইংগিতবাহী মন্তব্য। তেওঁ কয় যে, ‘‘ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীত খেলিব কাৰণে এগৰাকী সক্ষম ব্যক্তি (capable person)।’’ ল’গতে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলক কটাক্ষ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আৰু কয় যে, ‘‘যদি ৰকিবুল হুছেইন ডাঙৰীয়া যদি ইয়াৰ পৰা খেলে বদৰুদ্দিন আজমলে এনেয়ে টালি–টোপোলা বান্ধিব লাগিব।’’ সংবাদ মেলখনত আনকি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপে থিয় দিলে ৰকিবুল হুছেইনক বহিৰাগত বুলি আখ্যা দিব নোৱাৰাৰো যুক্তি প্ৰদৰ্শন কৰে নেত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ‘‘ৰকিবুল হুছেইনক যদি বহিৰাগত প্ৰাৰ্থীৰূপে কয় তেতিয়া হ’লে আপোনালোকে ইয়াৰ পৰা নিৰ্বাচিত কৰা সাংসদ– নিৰ্বাচিত হৈছে ইয়াত; হস্পিতাল বনাইছে হোজাইত; নিৰ্বাচিত হৈছে ইয়াত, কলেজ বনাইছে হোজাইত। এতিয়া তেওঁক কি প্ৰশ্ন কৰিব সেয়া আপোনালোকলৈ এৰিলোঁ।’’ অৱশ্যে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা দলে কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেয়া তেওঁ এতিয়াই ক’ব নোৱাৰে বুলিও সংবাদ মেলখনত উল্লেখ কৰে ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকী। আনহাতে এআইইইডিএফৰ সৈতে কোনো কাৰণতে মিত্ৰতা নকৰে বুলিও আজিৰ সেই সংবাদ মেলখনত দাৱী কৰে মীৰা বৰঠাকুৰ গোস্বামীয়ে। আনহাতে অহা ৩ নৱেম্বৰত ধুবুৰীৰ পৰা শদিয়ালৈ হ’বলগীয়া কংগ্ৰেছৰ সেই যাত্ৰাত দলটোৰ সৰ্বভাৰতীয় নেত্ৰী প্ৰিয়ংকা গান্ধী ধুবুৰীত উপস্থিত থাকিব বুলিও আজিৰ সেই সংবাদ মেলখনত সদৰি কৰে তেওঁ। উল্লেখ্য যে, আজি ধুবুৰীৰ ৰাজীৱ ভৱনত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবি বেগমৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যকৰী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী। সেই সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ছামচুল ইছলাম, গোলকগঞ্জ বিধানসভাৰ বিধায়ক আব্দুছ ছুবাহান আলী সৰকাকে ধৰি ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়াও উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like