নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত মধ্যাহ্ন ভোজন কৰ্মীৰ অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ধুবুৰী জিলা কমিটিৰ উদ্যোগত আজি ধুবুৰীস্থিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়িত হয়। সমস্ত বকেয়া মাননি দুৰ্গা পূজাৰ আগত; অৰ্থ্যাৎ চলিত ছেপ্টেম্বৰ মাহত আদায় দিয়া, নিয়মীয়াকৈ মাননি আদায় দিয়া আৰু প্ৰতিমাহৰ মাননি পিছৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আদায় দিয়াৰ দাৱীত বৰষুণৰ মাজতো প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ অব্যাহত ৰখা পোৱা যায়। প্ৰতিবাদী সেই মধ্যাহ্ন ভোজন কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ডলৈ তেওঁলোকৰ তিনিদফীয়া দাৱীসমূহ পূৰণৰ বাবে বিভিন্ন প্ৰতিবাদী শ্লোগানাৰে অৱস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like