নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস ৰচি ৰঙা মংগলত সফল অৱতৰণ নাছাৰ ‘পাৰছেভাৰেঞ্চ’ৰ

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  ‘অৱতৰণ নিশ্চিত পাৰছেভাৰেঞ্চ সুৰক্ষিত ৰূপত মংগলৰ পৃষ্ঠত, অতীত জীৱনৰ সন্ধান কৰিবলৈ সাজু৷’ –অত্যুৎসাহী মন্তব্য ড০ স্বাতী মোহনৰ৷ নাছাৰ পাৰছেভাৰেঞ্চ ৰ’ভাৰ কালি সফলতাৰে অৱতৰণ কৰাৰ পাছতে এই মন্তব্য আগবঢ়াইছে বিজ্ঞানী ড০ স্বাতী মোহনে৷ মংগল গ্রহৰ বায়ুমণ্ডলত সাত মিনিটজোৰা সময় জটিলতাৰ মাজত থাকি অৱশেষত সুকলমে–নিৰাপদ–সু ৰূপত পাৰছেভাৰেঞ্চ অৱতৰণ কৰাৰ লগে লগে আৱেগিক হৈ পৰে মহিলা বিজ্ঞানী ড০ স্বাতী মোহন৷ নাছাৰ ঐতিহাসিক মংগল গ্রহ অভিযানৰ অন্যতম ৰূপকাৰ তথা বিজ্ঞানী ড০ মোহন হৈছে ভাৰতীয় মূলৰ৷ সাত মাহ পূর্বে নাছাই আৰম্ভ কৰা ঐতিহাসিক মংগল অভিযানৰ পাৰছেভাৰেঞ্চৰ সফল অৱতৰণক লৈ বিশ্ববাসীয়ে উদ্বিগ্ণতাৰে অপেক্ষা কৰি থকাৰ সময়ত নিয়ন্ত্রণ কক্ষত শান্ত আৰু ধৈর্যৰে ড০ মোহনে যোগাযোগ আৰু সমন্বয় ৰক্ষা কৰি আছিল জি এন এণ্ড চি ছাবছিষ্টেম আৰু প্রকল্পটোৰ দলৰ সৈতে৷

নাছাৰ ঐতিহাসিক মংগল অভিযানৰ অন্যতম বিজ্ঞানী ড০ মোহনে মার্ছ ২০২০ গাইডেন্স, নেভিগেচন এণ্ড কণ্ড্র’লছৰ (জি এন এণ্ড চি) জৰিয়তে পাৰছেভাৰেঞ্চ ৰ’ভাৰ ৰঙা গ্রহটোত সফল অৱতৰণত অগ্রণী ভূমিকা গ্রহণ কৰিছে৷ ২০৩ দিনীয়া যাত্রাত ২৯৩ নিযুত মাইল (৪৭২ নিযুত কিলোমিটাৰ) অতিক্রমি অত্যাধুনিক ৰ’ভাৰ পাৰছেভাৰেঞ্চ মংগলত নিৰাপদে অৱতৰণ কৰাৰ পাছতেই ভাৰতীয় মূলৰ আমেৰিকাৰ বিজ্ঞানী ড০ মোহন চর্চাৰ মাজলৈ আহিছে৷ উল্লেখ্য যে ভাৰতীয় মূলৰ বিজ্ঞানী ড০ মোহনে এবছৰ বয়সতে ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রলৈ গৈছিল৷ নর্দার্ন ভার্জিনিয়া–ৱাশ্বিংটন ডিচিৰ মেট্র’ অঞ্চলত শৈশৱ কাল কটোৱা স্বাতী মোহনে ৯ বছৰ বয়সত প্রথমবাৰৰ বাবে ‘ষ্টাৰ ট্রেক’ প্রত্যক্ষ কৰিব পাৰিছিল আৰু তাৰ পাছতেই বিশ্বব্রহ্মাণ্ডৰ ৰহস্যময় মহাজাগতিক ঘটনাক লৈ আকর্ষিত হৈ পৰিছিল৷ ১৬ বছৰ বয়সত ড০ মোহনে শিশু চিকিৎসক হোৱাৰ মন মেলিছিল যদিও পদার্থ বিজ্ঞানৰ প্রথমটো পাঠদানৰ সময়ত ‘মহান শিক্ষক’ৰ প্রেৰণাত অভিযান্ত্রিক পাঠ্যক্রমক বিবেচনা কৰে আৰু মহাকাশ বিজ্ঞান পাঠ্যক্রম পঢ়াৰ সিদ্ধান্ত লয়৷

কর্নেল বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল আৰু এৰ’স্পেচ ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্রী গ্রহণ কৰাৰ পাছত স্বাতী মোহনে এম আই টিৰ পৰা এৰ’নটিক্ছ এষ্ট্র’নটিক্ছ এম এছ আৰু পি এইচ ডি লাভ কৰে৷ চি এ, পাচাডেনাৰ নাছাৰ জ্যেষ্ঠ প্র’পালচন লেবৰেটৰীত কর্মজীৱন আৰম্ভ কৰা ড০ স্বাতী মোহনে নাছাৰ বিভিন্ন অভিযানত জড়িত হৈ থকাৰ পাছত নাছাৰ পাৰছেভাৰেঞ্চ ৰ’ভাৰ অভিযানৰ সৈতে জড়িত হয়৷ ভাৰতীয় মূলৰ আমেৰিকান বিজ্ঞানী ড০ মোহন কেছিনী (শনি অভিযান) আৰু গ্রেইল (চন্দ্রলৈ যুগ্ম মহাকাশযান অভিযান) প্রকল্পতো কার্যনির্বাহ কৰিছে৷ ইপিনে ১৮ ফেব্রুৱাৰীত ৰঙা গ্রহ মংগলত অৱতৰণ কৰা পাৰছেভাৰেঞ্চ মংগলৰ প্রথমখন আলোকচিত্র পৃথিৱীলৈ প্রেৰণ কৰিছে৷ পাৰছেভাৰেঞ্চে মংগল গ্রহত প্রাচীন জীৱৰ সন্ধানত গৱেষণা কৰিব৷ তাৎপর্যপূর্ণ যে ১৯৬৫ চনৰে পৰা আৰম্ভ কৰা নাছাৰ মহাকাশ অভিযানৰ সবাতোকৈ আকাংক্ষিত অভিযান পাৰছেভাৰেঞ্চ ৰ’ভাৰ অভিযান বুলি আখ্যা দিছে৷

You might also like