নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুখুৰীত গা ধুবলৈ গৈ নগৰবেৰাত ছাত্ৰৰ সলিল সমাধিঃ অঞ্চলজুৰি শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ নগৰবেৰাত দশম শ্ৰেণীৰ সলিল সমাধি। বিদ্যালয়ৰ পৰা ঘৰ অভিমুখী পথত পুখুৰীত পৰি মৃত্যু ঘটে ৰোহিত দাস (১৫) নামৰ ছাত্ৰ জনৰ। মৃত ছাত্ৰজন নগৰবেৰা আদৰ্শ বিদ্যালয়, দোকুচিৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা প্ৰতিবেশী গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত শিমলীতোলা গাঁৱৰ দিপক দাসৰ পুত্ৰ। আজি আবেলি বৰষুণৰ মাজতে বিদ্যালয়ৰ পৰা ঘৰ অভিমুখে চাইকেলেৰে গৈ থকা অৱস্থাত ইউনিফৰ্ম’ত বোকা লাগে আৰু বোকা ধুবলৈ পথৰ কাষৰে পানীভৰ্তি পুখুৰী এটাত নামি কিছু দ লৈ নামি যায় ছাত্ৰজন। আনহাতে পাৰত ৰ’ই থকা সহপাঠী দুজন মানক পানীৰ তলত ডুব মাৰি কিমান পৰ থাকিব পাৰে তাকে দেখুৱাবলৈ ডুব মাৰি বহুপৰ ওপৰলৈ নুঠাত হাহাকাৰ লাগে। চিঁঞৰ-বাখৰ কৰাত দুজনমান লোক দৌৰি গৈ ইউনিফৰ্ম পৰিহিত ছাত্ৰ ৰোহিতৰ নিথৰ দেহ বামলৈ তোলে, খৱৰ পাই মুহুৰ্ততে লোকাৰণ্য হৈ পৰে ঘটনাস্থলী। পলাহৰটাৰী আৰু পঠালিপাৰা গাঁৱৰ মাজৰ ৰাজপথৰ কাষৰ পুখুৰী এটাত সংঘটিত হয় এই দুৰ্ঘটনাটো।পৰিয়ালৰ লোক তথা সহপাঠী সকল শোকত ম্ৰিয়মাণ হৈ পৰে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ যো-জা কৰে। ছাত্ৰৰ সলিল সমাধিৰ বতৰাই চাঞ্চল্য আৰু শোকবিহ্বল কৰি তুলিছে সকলোকে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like