নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইলৰ সঞ্চালক (মানৱ সম্পদ) পদত অশোক দাসৰ দায়িত্ব গ্ৰহণ

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ দেশৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় অন্বেষণ আৰু উৎপাদন প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ মানৱ সম্পদৰ সঞ্চালক হিচাপে অশোক দাসে দায়িত্ব গ্ৰহণ কৰে। এই দায়িত্ব গ্ৰহণৰ পূৰ্বে তেখেত মানৱ সম্পদ বিভাগৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল। ৰাজনীতি বিজ্ঞানত স্নাতক আৰু ব্যৱসায় প্ৰশাসনত (এমবিএ) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দাসে ১৯৮৯ চনত অইলত কাৰ্যবাহী নবিচ হিচাপে নিযুক্ত হৈ তিনিটা দশকৰো অধিক সময় ধৰি তেখেতে অইলৰ মানৱ সম্পদৰ কাৰ্যসমূহ গুৰুত্ব সহকাৰে পালন কৰি আহিছে। আনহাতে কৰ্মক্ষমতা-কেন্দ্ৰিক-লোককেন্দ্ৰিক নেতৃত্ব শৈলীৰ বাবে পৰিচিত অশোক দাসে অইলত মানৱ সম্পদৰ কাম-কাজ সফলতাৰে পৰিচালনা কৰি আহিছে আৰু স্বচ্ছতা, বস্তুনিষ্ঠতা আৰু ন্যায়পৰায়ণতা বৃদ্ধিৰ বাবে আই টি-সক্ষম মানৱ সম্পদ পদ্ধতিৰ প্ৰৱৰ্তন, মানৱ সম্পদ ব্যৱস্থা আৰু নীতিৰ সুশৃংখলিতকৰণৰ দৰে কেইবাটাও প্ৰগতিশীল মানৱ সম্পদ পদক্ষেপ গ্ৰহণ কৰিছে। একেদৰে অনলাইন পাৰফৰমেন্স মেনেজমেণ্ট চিষ্টেমৰ ডিজাইন আৰু ৰূপায়ণৰ ক্ষেত্ৰত মানৱ সম্পদ দলৰ নেতৃত্ব দিছিল অশোক দাসে। দাসে অইলত কেইবাটাও নিগমিত সামাজিক দায়বদ্ধতা পদক্ষেপৰ নেতৃত্বও আগবঢ়াইছে আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথমটো প্ৰতিষ্ঠান গুৱাহাটীৰ দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰাতো আগভাগ লৈছিল। এসময়ৰ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অশোক দাস প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰ সমান্তৰালভাৱে এগৰাকী বটাঁ প্ৰাপক নাট্যশিল্পীও।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like