নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও ন্যায়ৰ পৰা বঞ্চিত কলগাছিয়াৰ ৰহা গাঁৱৰ বোমা বিস্ফোৰণত নিহত বিপুল কলিতাৰ পৰিয়াল

পুত্ৰ হেৰুৱাৰ বেদনাত কান্দোনত ভাগি পৰিল মাতৃ তৰুলতা

 নিয়মীয়া বাৰ্তা,৩০অক্টোবৰ:  অভিশপ্ত ৩০ অক্টোবৰ! ধাৰাবাহিক বোমা বিস্ফোৰণত বৰপেটা জিলাৰ কলগাছিয়াৰ ৰহা গাঁৱৰ নিহত বিপুল কলিতাৰ পৰিয়ালে আজিও ন্যায় নোপোৱাৰ অভিযোগ। পুত্ৰ হেৰুৱাৰ বেদনাত কান্দোনত ভাগি পৰিল মাতৃ তৰুলতা কলিতাই।

২০০৮ চনৰ আজিৰ এই দিনটোতে ৰাজ্যৰ কেইবাটাও স্থানত সন্ত্ৰাসবাদী সংগঠন NDFBয়ে সংঘটিত কৰিছিল ধাৰাবাহিক বোমা বিস্ফোৰণ। এই বিস্ফোৰণত বহু নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে চিৰ কাললৈ ঘুনীয়া হৈছিল বহুজন। বৰপেটা জিলাৰ কলগাছিয়াৰ ৰহা গাঁৱৰ প্ৰফুল্ল কলিতাৰ একমাত্ৰ পুত্ৰ সন্তান বিপুল কলিতাৰ গুৱাহাটীৰ মাজ মজিয়াত থকা গনেশগুৰিত হোৱা বিস্ফোৰণত আকুৱালি লৈছিল কৰুণ মৃত্যু ।

গনেশগুৰিত শাক পাচলিৰ দোকান দি পৰিয়াল পোহপাল দিয়া বিপুল কলিতাৰ মৃত্যুৰ পিছত পৰিয়ালটোত নামি আহিছে ঘোৰ অমানিশা। সাংবাদিকৰ কেমেৰা দেখাৰ লগে লগে পুত্ৰ হেৰুৱাৰ বেদনাত এইদৰৈ কান্দোনত ভাগি পৰে বিপুল কলিতাৰ মাতৃ দুৰ্ভোগীয়া তৰুলতা কলিতাই।

চৰকাৰে সৰ্বমুঠ ৮ লাখ টকা দিয়াৰ কথা আছিল যদিও এই পৰ্যন্ত ৫ লাখ টকা পোৱাৰ কথা উল্লেখ কৰে মাতৃ তৰুলতা কলিতাই। ২০২০ চনত তৰুলতা কলিতাৰ স্বামী প্ৰফুল্ল কলিতাৰ মৃত্যু হোৱাৰ পিছত ওচৰ চুবুৰীয়াৰ ঘৰত কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। ৮ লাখ টকাৰ ভিতৰত ৩ লাখ টকা এতিয়াও পোৱা নাই বুলি অভিযোগ কৰে অসহায় মাতৃগৰাকীয়ে। এই ক্ষেত্ৰত NIA আদালতে দোষী সাব্যস্ত কৰা মূল অভিযুক্ত ৰঞ্জন দৈমাৰীয়ে উচিৎ শাস্তি নোপোৱাত ক্ষোভ ব্যক্ত কৰে ভুক্তভোগী পৰিয়ালে।

input:মফিদুল ইছলাম, কলগাছিয়া 

You might also like