নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱৰ জন্মোৎসৱ : বৈকুণ্ঠপুৰীত পৰিণত বস্ত্ৰনগৰী শুৱালকুছি

বিশেষ বাৰ্তা, ৫ অক্টোবৰঃ সমগ্ৰ শুৱালকুছি আজি দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ’ল ৷ পুৱাৰে পৰা চৌদিশে কেৱল হৰিনামৰ ধ্বনি ৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪সংখ্যক জন্মোৎসৱ কালিৰে পৰা শুৱালকুছিত মহা আয়োজনৰে অনুষ্ঠিত হয় ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ আৰু শ্ৰীশ্ৰীশংকৰদেৱ ধামত সুকীয়াকৈ অনুষ্ঠিত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা অনুস্টিত হয় নাম প্ৰসংগ ৷ পুৱা ৫ বজাত অনুষ্ঠিত হয় ৰাজপথ ঊষা কীৰ্ত্তন সমদল ৷ পুৱাতে গুৰুবন্দনাৰে মুখৰ হয় বস্ত্ৰনগৰীৰ চৌদিশ ৷ ৬ বজাত আৰম্ভ হয় আই মাতৃৰ নাম প্ৰসংগ ৷ ৮ বজাত শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰত ধৰ্মীয় পতাকা এক আধ্যাত্মিক পৰিবেশত উত্তোলন কৰি মহাপুৰুষীয়া ধৰ্মালোচনী সভাৰ সভাপতি সদানন্দ দাসে গুৰুজনাৰ সৃষ্টিৰাজিক শ্ৰদ্ধাৰে স্মৰণ কৰি এক শৰণ হৰি নাম ধৰ্মৰ জৰিয়তে দেশ ৰাজ্যত শান্তি স্হাপনৰ বাবে সকলোকে আহ্বান জনায় ৷ শ্ৰীশ্ৰীশংকৰদেৱ ধামত ধৰ্ম পতাকা উত্তোলন কৰে বয়োজ্যেষ্ঠ নাগৰিক ৰমেশ চন্দ্ৰ কলিতাই ৷ ১০ বজাৰ পৰা আৰম্ভ হয় শুৱালকুছিৰ ৰাজপথত হৰিনাম কীৰ্ত্তনৰ সমদল ৷ সমদলত অংশ লোৱা প্ৰতিটো দলে সম্পূৰ্ণ অসমীয়া সাজ পৰিধান কৰি ডিঙিত গামোচা লৈ কীৰ্ত্তন পুথিৰ ঘোষা গাই গাই হৰি নামৰ ধ্বনিত শুৱালকুছিৰ আকাশ বতাহ মুখৰ কৰি তোলে ৷ এক ভক্তিৰসত বুৰ যায় বস্ৰনগৰী ৷ শুৱালকুছিৰ প্ৰতিটো পৰিয়ালে নিজৰ নিজৰ পদুলিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তামোল পানৰ শৰাই আগবঢ়াই নামৰ দলৰ ওচৰত আঠুলৈ গৃহস্থৰ কুশল মংগলৰ বাবে সেৱা লয় ৷ শুৱালকুছিৰ পৰম্পৰাগত এই গুৰুবন্দনাৰ কাৰ্য স্বচক্ষুৰে চাবলৈ আজিৰ দিনটোত শুৱালকুছিত দুৰ দুৰণিৰ লোকৰ অগণন সমাগম হয় ৷ হৰিনামৰ সমদলৰ অন্তত সকলোৱে মিলি উৎসৱস্থলীত নাম প্ৰসংগত ভাগ লয় ৷ তাতে নাম প্ৰসংগৰ অন্তত সকলোৱে গুৰু আসনৰ সন্মুখত সেৱা লয় ৷ তাৰ পিছতে নিৰ্মালী প্ৰসাদ আদি লৈ নামৰ সামৰণি মাৰে ৷ ইয়াৰ পূৰ্বে কালি পুৱা ছাত্ৰ ছাত্ৰীৰ শোভাযাত্ৰাৰে গুৰুজনাৰ জন্মোৎসৱৰ কাৰ্যসূচী মুকলি কৰাৰ পিছত ১০ বজাৰ পৰা আৰম্ভ হয় গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন ৷ কেইবাটিও দলে উক্ত কাৰ্যসূচীত অংশ লৈ শুৱালকুছিৰ ৰাজপথৰ প্ৰতিটো চ’কত ভাওনা প্ৰদশৰ্নৰে মহাপুৰুষ জনাই দি যোৱা কৃষ্টি সংস্কৃতিৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰি সকলোকে আকৰ্ষিত কৰি তোলে ৷ সন্ধিয়া অনুস্টিত হয় বন্তি প্ৰজ্বলন ৷ শুৱালকুছিৰ প্ৰতিটো পৰিয়ালে নিজৰ পদুলিত অস্থায়ীভাবে ৰোপন কৰা কলগছত বন্তি প্ৰজ্বলন কৰি সমগ্ৰ বস্ত্ৰনগৰী বন্তিৰ পোহৰত আলোকিত কৰি তোলা নান্দনিক দৃশ্য সঁচাকৈয়ে এক অনন্য আছিল ৷ ইয়াৰ পিছতে এক আধ্যাত্মিক পৰিবেশৰ মাজৰে অনুস্টিত হয় ভাগৱত শোভাযাত্ৰা ৷ গায়ন বায়ন, ঢোল, বেণ্ড , পুৰষ- মহিলাৰ নামৰ দলৰ অংশ গ্ৰহণৰে ভাগৱত শোভাযাত্ৰাই এক ধৰ্মীয় পৰিবেশৰ সৃষ্টি কৰি ভক্তি ৰসৰে বুৰাই পেলায় ৷ নিশা শ্ৰীমন্ত নাটঘৰত অনুষ্ঠিত হয় মহিলাৰ দিহানাম আৰু শ্ৰীশ্ৰীশংকৰদেৱ ধামত অনুস্হিত হয় যাত্ৰাভিনয় ৷ আজি নিশা শ্ৰীমন্ত নাটঘৰত অঙ্কীয়া নাটক আৰু শ্ৰীশ্ৰীশংকৰদেৱ ধামত নাগাৰা নাম অনুষ্ঠিত হয় ৷

প্ৰেৰক দিলীপ মেধি

You might also like