নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানে হত্যা কৰিলে জনপ্রিয় আফগান কৌতুক অভিনেতা নাজাৰ মহম্মদক

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ আফগানিস্তানত তালিবানে দেশখনৰ জনপ্রিয় কৌতুক অভিনেতা নাজাৰ মহম্মদক গুলীয়াই হত্যা কৰাৰ ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ হত্যাৰ পূর্বে তালিবানৰ দুই সদস্য নাজাৰ মহম্মদক অশ্লীল গালি–শপনি দিয়াৰ উপৰি চৰিয়াই থকা এক ভিডিঅ’ সংবাদ মাধ্যমত মুকলি হোৱাৰ লগে লগে অভিনেতাগৰাকীৰ অনুৰাগীসকল হতচকিত হৈ পৰিছে৷

লক্ষণীয়ভাৱে হত্যাৰ পূর্বে অভিনেতাগৰাকীক মানসিক আৰু শাৰীৰিক নির্যাতন চলোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ তালিবানৰ মুখপাত্র জাবিহুল্লা মুজাহিদে ভিডি’টোত থকা দুয়োজন লোক তালিবানৰ বুলি ইতিমধ্যে সদৰী কৰিছে৷ স্মর্তব্য যে সংঘর্ষজর্জৰ দেশখনৰ পৰা প্রায় দুটা দশকৰ পাছত আমেৰিকান আৰু নাটো বাহিনীয়ে প্রত্যাৱর্তনৰ সিদ্ধান্ত লোৱাৰ লগে লগে তালিবানে আক্রমণ তীব্রতৰ কৰি তুলিছে৷ ইতিমধ্যে দেশখনৰ ন ন অঞ্চল দখল কৰিছে সন্ত্রাসবাদী সংগঠনটোৱে৷

You might also like