নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰৰ ৩০ হাজাৰক বিনামূলীয়া চিকিৎসাৰ লক্ষ্য বিজেপিৰ

নিয়মীয়া বার্তা, ২২ ফেব্রুৱাৰীঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰৰ অসম–মেঘালয় সীমান্তৱর্তী বাঘাপাৰাত জিলা বিজেপিৰ উদ্যোগত ৫ হাজাৰ লোকৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে ঔষধ বিতৰণ কৰা হয়৷

উল্লেখ্য যে দক্ষিণ শালমাৰা–মানকাচৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইনৰ নেতৃত্বত জিলা বিজেপিয়ে আজিৰ পৰা জিলাখনত বিনামূলীয়া চিকিৎসা শিবিৰ কার্যসূচী আৰম্ভ কৰিছে৷ অসম–মেঘালয় সীমান্তৱর্তী বাঘাপাৰা মহাবিদ্যালয় খেলপথাৰত আজি প্রথমদিনা মুঠ ১০টা অস্থায়ী চিকিৎসা কক্ষ নির্মাণ কৰি প্রায় ৩০গৰাকী চিকিৎসাকর্মীৰ দ্বাৰা এই স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ কৰে৷

ইফালে, জিলাখনৰ ২১নং মানকাচৰ সমষ্টিৰ াঘাপাৰাকে ধৰি মুঠ তিনিটা স্থান আৰু ২২নং দক্ষিণ শালমাৰা সমষ্টিৰ তিনিটা স্থানসহ মুঠ ৬টা স্থানত জিলা বিজেপিয়ে এইদৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে ঔষধ বিতৰণৰ কার্যসূচী হাতত লৈছে৷ প্রতিটো শিবিৰৰ জৰিয়তে ৫ হাজাৰকৈ লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হ’ লি জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইনে জান্বিলৈ দিছে৷

You might also like