নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূব ভাৰতৰ বিৰুদ্ধে চীনৰ নতুন ষড়যন্ত্র

তিব্বতত ব্রহ্মপুত্র নদীৰ ওপৰত পুনৰ বৃহৎ বান্ধ নির্মাণৰ সিদ্ধান্ত বেইজিঙৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ পূব লাডাখত প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ত চীন–ভাৰতৰ সেনাৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে বেইজিং প্রশাসনে উত্তৰ–পূব ভাৰতৰ হূৎপিণ্ড স্বৰূপ ব্রহ্মপুত্র নদীৰ তিব্বতীয় অংশত এক বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰা ঘটনাক লৈ সমগ্র ভাৰতত সৃষ্টি হৈছে প্রতিক্রিয়া৷ দেশখনৰ চৰকাৰী সংবাদ পত্র গ্ল’বেল টাইমছৰ প্রতিবেদন অনুসৰি প্রস্তাৱিত চতুর্দশ পঞ্চবার্ষিক পৰিকল্পনাক কার্যকৰী কৰিবলৈ তিব্বতত থকা ব্রহ্মপুত্রৰ অংশত এক বৃহৎ বান্ধ নির্মাণৰ সিদ্ধান্ত লোৱা হৈছে৷

আগন্তুক বর্ষত এই বান্ধৰ নির্মাণকার্য আৰম্ভ কৰিব বুলিও সংবাদ পত্রখন সদৰী কৰিছে৷ ইতিমধ্যে বেইজিং প্রশাসনে ইয়াৰ নির্মাণৰ দায়িত্ব প্রদান কৰিছে এটা কোম্পানীক৷ চীনৰ শাসকীয় কমিউনিষ্ট পার্টীয়ে দেশখনত পঞ্চবার্ষিক পৰিকল্পনা গ্রহণ কৰিছে৷ ২০৩৫ চনৰ ভিতৰত বিশ্বৰ ভিতৰতে মহাপৰাক্রমী তথা সমৃদ্ধিশালী ৰাষ্ট্র হিচাপে নিজকে গঢ়ি তুলিবলৈ দেশখনৰ কমিউনিষ্ট পার্টীয়ে পঞ্চবার্ষিক পৰিকল্পনাৰ প্রস্তাৱসমূহক বাস্তৱায়িত কৰাৰ বিষয়টোত গুৰুত্ব প্রদান কৰিছে৷ চীনৰ পাৱাৰ কনষ্ট্রাকচন কর্প’ৰেচনৰ অধ্যক্ষ য়ান ঝিয়ঙৰ বক্তব্যৰ উদ্ধৃতি দি গ্লোবেল টাইমছে প্রকাশ কৰিছে যে অহা বছৰৰ ভিতৰত য়াৰলং জাংবো নদীৰ নামনি ভাগত এই বান্ধৰ কাম আৰম্ভ কৰা হ’ব৷

স্মর্তব্য যে য়াৰলং জাংবো হৈছে ব্রহ্মপুত্র নদীৰ তিব্বতী নাম৷ এই প্রকল্পৰ জৰিয়তে চীনে জলসম্পদ তথা আভ্যন্তৰীণ নিৰাপত্তাক অক্ষত ৰাখিব বুলি ঘোষণা কৰিছে সংবাদ পত্রখনে৷ লক্ষণীয়ভাৱে চীনত দ্বিবিংশতিতম ছ’চাইটী ফৰ হাইড্র’পাৱাৰ ইঞ্জিনীয়াৰিঙৰ এক সন্মিলনত য়ানে দেশখনৰ জলবিদ্যুৎ উদ্যোগৰ বাবে এই নতুন প্রকল্প এক ঐতিহাসিক সুযোগ হ’ব বুলি ঘোষণা কৰিছে৷ স্বাভাৱিকতে চীনৰ এই নতুন জলবিদ্যুৎ প্রকল্পক লৈ উত্তৰ–পূব ভাৰত তথা বাংলাদেশত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ব্রহ্মপুত্র নদী তিব্বত ভাৰত আৰু বাংলাদেশৰ মাজেৰে তিনি হাজাৰ কিলোমিটাৰতকৈ অধিক দূৰত্ব বৈ আছে৷

উত্তৰ–পূব ভাৰতৰ অৰুণাচল প্রদেশ, অসম, মেঘালয়, ছিকিম, নাগালেণ্ডৰ উপৰি পশ্চিমবংগৰ বাবে এই ব্রহ্মপুত্র নদী জীৱন প্রবাহ হিচাপে চিহ্ণিত হৈ আহিছে৷ তিব্বতত চীনৰ এই নতুন জলবিদ্যুৎ প্রকল্পৰ ফলত ব্রহ্মপুত্র তথা ইয়াৰ উপনৈসমূহত সৃষ্টি হ’ব পাৰে তীব্র জলসংকট৷ অর্থাৎ উত্তৰ–পূব ভাৰতকে ধৰি বাংলাদেশো ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে চীনৰ এই বৃহৎ জলবিদ্যুৎ প্রকল্পৰ বাবে৷ গ্লোবেল টাইমছৰ প্রতিবেদন অনুসৰি চীনৰ জলবিদ্যুৎ প্রকল্পসমূহৰ ভিতৰত তিব্বতৰ এই নতুন প্রকল্পটো হ’ব আটাইতকৈ বৃহৎ৷

You might also like