অসমৰ ৰাজনৈতিক পৰিসৰত পুনৰ এক গুৰুত্বপূৰ্ণ দিশ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুত বৰদলৈক বিজেপিত যোগদানৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ জনাইছে।
মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে যদি প্ৰদ্যুত বৰদলৈয়ে বিজেপিত যোগদান কৰে, তেন্তে তেওঁৰ বাবে এখন বিধানসভা আসন এৰি দিয়া হ’ব।
এই প্ৰস্তাৱে ৰাজ্যৰ ৰাজনীতিত নতুন আলোড়ন সৃষ্টি কৰিছে। কংগ্ৰেছ শিবিৰত এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আহে আৰু প্ৰদ্যুত বৰদলৈয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে, সেইটো এতিয়া লক্ষ্যণীয় হৈ পৰিছে।
ডিজিটেল ডেস্ক, ১৭ মাৰ্চ